প্ৰেৰণাদায়ক! এটা পৰিয়ালৰ ৫ ভাতৃ-ভগ্নীয়েই ন্যায়াধীশ হিচাপে আজি ৰচিছে ইতিহাস, জানি আচৰিত হ’ব আপুনিও…

নিউজ ডেস্কঃ মেধা, অধ্যাৱয়সায় আৰু কঠোৰ পৰিশ্ৰমেৰে ইতিহাস ৰচিলে এটা পৰিয়ালৰ ৫ ভাতৃ-ভগ্নীয়ে।

ৰাজস্থানৰ আলৱাৰ জিলাৰ নিৱাসী এই পৰিয়ালৰ ৫ গৰাকী ভাতৃ-ভগ্নীয়েই আজি ন্যায়াধীশৰূপে বিভিন্ন আদালতত ৰায় প্ৰদান কৰিছে।

পৰিয়ালৰ এনে বৃহৎ সফলতাই আজি অনুপ্ৰাণিত কৰিছে আন বহুতকো।

image 76
প্ৰেৰণাদায়ক! এটা পৰিয়ালৰ ৫ ভাতৃ-ভগ্নীয়েই ন্যায়াধীশ হিচাপে আজি ৰচিছে ইতিহাস, জানি আচৰিত হ’ব আপুনিও… 6

আলৱাৰ চহৰৰ নয়াবাসৰ নিৱাসী ভাগীৰথ মীনা আৰু কমলেশ মীনাৰ ৭ গৰাকী সন্তানৰ ভিতৰত ৪ গৰাকী কন্যা আৰু এগৰাকী পুত্ৰই আজি ন্যায়াধীশ হিচাপে কৰ্তব্যৰত হৈ আছে।

সংবাদ মাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত সন্তানৰ সফলতাত আনন্দ ব্যক্ত কৰি পিতৃ ভাগীৰথ মীনাই কয় যে তেওঁ কোনো দিনেই সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত আপোচ কৰা নাছিল।

image 77
প্ৰেৰণাদায়ক! এটা পৰিয়ালৰ ৫ ভাতৃ-ভগ্নীয়েই ন্যায়াধীশ হিচাপে আজি ৰচিছে ইতিহাস, জানি আচৰিত হ’ব আপুনিও… 7

সক্ষমতা অনুসৰি তেওঁ সাতোজন ল’ৰা-ছোৱালীক প্ৰদান কৰিছিল সা-সুবিধা। বৰ্তমান তেওঁৰ কনিষ্ঠ পুত্ৰই আইন পঢ়ি থকাৰ বিপৰীতে আনগৰাকী কন্যাই বেংকত চাকৰি কৰি আছে।

আনহাতে ন্যায়াধীশ হিচাপে বৰ্তমান নিযুক্ত হৈ থকা ৫ ভাতৃ-ভগ্নীৰ ভিতৰত জ্যেষ্ঠ কামাক্ষী মীনাই এন এল ইউ পাটিয়ালা পঞ্জাৱৰ পৰা এল এল বি আৰু ডি ইউৰ পৰা এল এল এম সম্পূৰ্ণ কৰিছিল।

image 78
প্ৰেৰণাদায়ক! এটা পৰিয়ালৰ ৫ ভাতৃ-ভগ্নীয়েই ন্যায়াধীশ হিচাপে আজি ৰচিছে ইতিহাস, জানি আচৰিত হ’ব আপুনিও… 8

তেওঁ বৰ্তমান ৰাজস্থানৰ সংগনেৰত দেৱানী ন্যায়াধীশ।

দ্বিতীয় কন্যা মীনাক্ষী মীনা দিল্লীৰ দেৱানী ন্যায়াধীশ। তেওঁ এন এল ইউ জয়পুৰৰ পৰা এল এল বি আৰু এন এল ইউ বাংগালুৰুৰ পৰা এল এল এম সম্পূৰ্ণ কৰি ন্যায়াধীশ হিচাপে নিযুক্ত হয়।

image 79
প্ৰেৰণাদায়ক! এটা পৰিয়ালৰ ৫ ভাতৃ-ভগ্নীয়েই ন্যায়াধীশ হিচাপে আজি ৰচিছে ইতিহাস, জানি আচৰিত হ’ব আপুনিও… 9

তৃতীয় কন্যা মোহিনী মীনাই এন এল ইউ পাটিয়ালাৰ পৰা এল এল বিৰ পিছত ডি ইউৰ পৰা এল এল এম শিক্ষা সাং কৰি বৰ্তমান দিল্লীত দেৱানী ন্যায়াধীশ হিচাপে কাম কৰি আছে।

hdh
প্ৰেৰণাদায়ক! এটা পৰিয়ালৰ ৫ ভাতৃ-ভগ্নীয়েই ন্যায়াধীশ হিচাপে আজি ৰচিছে ইতিহাস, জানি আচৰিত হ’ব আপুনিও… 10

চতুৰ্থ কন্যা সুমন মীনা ৰাজস্থানৰ চাউমুত এগৰাকী দেৱানী ন্যায়াধীশ। তেওঁ এন এল ইউ পাটিয়ালাৰ পৰা লেবৰ পিছত ডি ইউৰ পৰা এল এল এম অধ্যয়ন কৰিছে।

আনহাতে পুত্ৰ নিধিশ মীনাই গুজৰাটৰ এল এল ইউ গান্ধীনগৰৰ পৰা বি এ অনাৰ্ছৰ পিছত এল এল বি কৰি বৰ্তমান ন্যায়াধীশ হিচাপে কাৰ্যৰত হৈ আছে।