ৰেষ্টুৰেণ্টত আৰক্ষীৰ অভিযান, অভিযানত জব্দ এফুট দৈৰ্ঘ্যৰ হাতীৰ দাঁত।
বৰমা আৰক্ষীয়ে অভিযানত জব্দ হৈছে হাতীৰ দাঁত।
জব্দ হোৱা হতীৰ দাঁতটো প্রায় এফুট দৈৰ্ঘ্যৰ।
জানিব পৰা মতে, বৰমাৰ কাচিয়লি ৰেষ্টুৰেণ্টৰ পৰা বৰমা আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি অভিযান চলাই এই সফলতা লাভ কৰে।
অটকাধীন তিনিজন হৈছে চিন্টু বড়ো, দ্বিজেন বড়ো, বনমালী স্বৰ্গীয়াৰী।
বৰমা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিতুমণি গোস্বামীৰ নেতৃত্বত চলিছিল এই অভিযান।









