চাঞ্চল্যকৰ! ২০ ছেপ্তেম্বৰৰ পৰা সন্ধানহীন কামলৈ বুলি ঘৰৰ পৰা ওলাই যোৱা ৰূপা দত্ত, পৰিয়ালত হাহাকাৰ

এক চাঞ্চল্যকৰ ঘটনা।

২০ ছেপ্তেম্বৰৰ পৰা সন্ধানহীন কামলৈ বুলি ঘৰৰ পৰা ওলাই যোৱা এগৰাকী মহিলা।

নিৰুদ্দিষ্ট মহিলাগৰাকী ৪০ বছৰীয়া ৰূপা দত্ত বুলি জানিব পৰা গৈছে।

ডিব্ৰুগড়ৰ বকুলত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।

জানিব পৰামতে, যোৱা ২০ ছেপ্তেম্বৰত ৰূপা দত্ত নামৰ মহিলাগৰাকীয়ে দিনৰ প্ৰায় ৯.৩০ বজাত ঘৰৰ পৰা কৰ্মসূত্ৰে নাদুৱালৈ বুলি ওলাই গৈছিল।

কিন্তু ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰাই সন্ধানহীন হৈ পৰে ৰূপা দত্ত নামৰ মহিলাগৰাকী।

বৰ্তমানেও মহিলাগৰাকীৰ কোনো সন্ধান পোৱা নাই পৰিয়ালৰ লোকে।

ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়েও কোনো ধৰণৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই।

মহিলাগৰাকীৰ সম্ভেদ পালে 97061-22013 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে মহিলাগৰাকীৰ স্বামীয়ে।