ৰে’লৱে দলঙত চেল্ফি তুলিবলৈ গৈ মৃত্যু দুই বন্ধুৰ, আহত আন এজন

নিউজ ডেস্ক। ৰে’ল দলঙত চেল্ফি তুলিবলৈ গৈ মৃত্যুক সাৱটি ল’বলগীয়া হ’ল দুই বন্ধুৱে।

এই শোকাবহ ঘটনা সংঘটিত হৈছে পশ্চিম বংগৰ পশ্চিম মেদিনীপুৰৰ কানচাই ৰে’ল দলঙত।

জানিব পৰা মতে, শনিবাৰে পিকনিক খাবলৈ গৈ তিনি বন্ধুৱে ফটো উঠাৰ উদ্দেশ্যে কাঞ্চাৱতী নদীৰ ওপৰৰ ৰে’লৱে দলঙৰ মাজভাগলৈ খোজ কাঢ়ি গৈছিল।

এনেতে মিদনাপুৰ-হাওৰা লোকেল ৰে’লখনৰ আগমনৰ শব্দ শুনি প্ৰাণৰ মমতাত তিনি বন্ধুৱে দৌৰিবলৈ আৰম্ভ কৰে।

ইফালে দ্ৰুতবেগী ৰে’লখনৰ খুন্দাত এজন বন্ধুৰ মৃত্যু ঘটে। আন এজন বন্ধুৱে প্ৰাণৰ মমতাত ৰে’লৱে দলঙৰ পৰা জঁপিয়াই দিয়াত মৃত্যুমুখত পৰে। আনহাতে আনজন বন্ধু ৰে’লৰ খুন্দাত গুৰুতৰভাৱে আহত হয়।

নিহত দুই বন্ধুক ক্ৰমে- মিদনাপুৰ চহৰৰ ৰাজাৰবাগান অঞ্চলৰ মুস্তাক আলী খান (৩৬) আৰু হাতিলকা অঞ্চলৰ আব্দুল গেইন (৩২) বুলি চিনাক্ত কৰা হৈছে। আহত জনৰ পৰিচয় ৰাজাৰবাগানৰ জুনমাত গেইন (৩৫) বুলি জানিব পৰা গৈছে।

পিছত ঘটনাস্থলীত ৰে’ল আৰক্ষী উপস্থিত হৈ আহত জনক উদ্ধাৰ উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আনহাতে মুস্তাক আৰু আব্দুলৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়।

প্ৰাথমিক অনুসন্ধানত পোৱা গৈছে যে ট্ৰেইন পাইলটে লোক তিনিজনক সতৰ্ক কৰিবলৈ হৰ্ণ বজাইছিল।

Leave a Comment