ৰেভ পাৰ্টিত ড্ৰাগছ লৈ ধৰা পৰিল বলীউডৰ আন এজন অভিনেতাৰ পুত্ৰ!

নিউজ ডেস্ক। বলীউডৰ অভিনেতা শক্তি কাপুৰৰ পুত্ৰ তথা অভিনেত্ৰী শ্ৰদ্ধা কাপুৰৰ ভাতৃ সিদ্ধান্ত কাপুৰক ড্ৰাগছ সেৱনৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

কৰ্ণাটকৰ বেংগালুৰুত ৰেভ পাৰ্টিত আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ কৰা হৈছে সিদ্ধান্তক।

বেংগালুৰু আৰক্ষীয়ে জনোৱা মতে, তেওঁৰ লগতে আন ৬ জনকো এই অভিযােগত গ্ৰেপ্তাৰ কৰা হৈছে।

দেওবাৰে নিশা চহৰখনৰ এখন বিলাসী হোটেলত অনুষ্ঠিত হয় এই ৰেভ পাৰ্টি।

G1 14
ৰেভ পাৰ্টিত ড্ৰাগছ লৈ ধৰা পৰিল বলীউডৰ আন এজন অভিনেতাৰ পুত্ৰ! 3

আৰক্ষীৰ মতে, সিদ্ধান্তক তাত ডিজে হিচাপে নিমন্ত্ৰণ কৰা হৈছিল।

অৱশ্যে আৰক্ষীৰ সূত্ৰই জনোৱা মতে, পাৰ্টিৰ সময়ত তেওঁ ড্ৰাগছও সেৱন কৰিছিল।

সিদ্ধান্তই গ্ৰহণ কৰা মাদক দ্ৰব্য পৰীক্ষা কৰাৰ পিছত ৰিপৰ্ট পজিটিভ আহিল, তাৰ পিছতে তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

photo 2022 06 13 11 50 35
ৰেভ পাৰ্টিত ড্ৰাগছ লৈ ধৰা পৰিল বলীউডৰ আন এজন অভিনেতাৰ পুত্ৰ! 4

এই সন্দৰ্ভত সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পিতৃ শক্তি কাপুৰে কয়, ”মই মাত্ৰ এটা কথা ক’ব পাৰো, এয়া সম্ভৱ নহয়।”