অসমীয়াঅসম

ৰূপজ্যোতি কুৰ্মীৰ ঘোষণা! তাজমহল-কুটুব মিনাৰ ভাঙি তাৰ ঠাইত মন্দিৰ নিৰ্মাণ হ’লে আগবঢ়াব বিধায়ক হিচাপে পোৱা এবছৰৰ দৰমহা…

নিউজ ডেস্কঃ পাঠ্যপুথিৰ পৰা মোগলৰ অধ্যায় আঁতৰোৱাৰ পিছতে দুটা ভাগত বিভক্ত হৈছে ৰাজনৈতিক ক্ষেত্ৰ।

শাসকীয় বিজেপিয়ে এই সিদ্ধান্তক প্ৰশংসা আৰু গ্ৰহণযোগ্য বুলি অভিহিত কৰাৰ বিপৰীতে বিৰোধীয়ে গ্ৰহণ কৰিছে বিপৰীতি স্থিতি।

এই সকলোবোৰৰ মাজতে মোগলৰ অধ্যায় আঁতৰোৱা প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে ন বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়েও।

মোগলৰ অধ্যায় আঁতৰোৱাটো এক সঠিক সিদ্ধান্ত বুলি অভিহিত কৰি ৰূপজ্যোতি কুৰ্মীয়ে প্ৰধানমন্ত্ৰীলৈ জনালে আন এক আহ্বানো।

বিশ্ব ঐতিহ্য হিচাপে পৰিচিত তাজমহল আৰু কুটুব মিনাৰ ভাঙি তাৰ ঠাইত বিশ্বৰ আটাইতকৈ ধুনীয়া মন্দিৰ স্থাপন কৰিবলৈ প্ৰধানমন্ত্ৰীক আহ্বান জনালে ৰূপজ্যোতি কুৰ্মীয়ে।

নিজকে হিন্দুত্ববাদী প্ৰমাণ কৰিবলৈ উঠিপৰি লগা মৰিয়নীৰ বিধায়কগৰাকীৰ আহ্বান- বিশ্বৰ সবাতোকৈ ধুনীয়া আৰু ডাঙৰ মন্দিৰ নিৰ্মাণ হ’ব লাগে তাজমহলৰ ঠাইত।

ইয়াৰ বাবে তেওঁ বিধায়ক হিচাপে লাভ কৰা এবছৰৰ দৰমহা মন্দিৰ নিৰ্মাণৰ বাবে আগবঢ়াব বুলিও মন্তব্য কৰে ৰূপজ্যোতি কুৰ্মীয়ে।

উল্লেখ্য যে, প্ৰেমৰ প্ৰতীক হিচাপে পৰিচিত তাজমহলক লৈ বিতৰ্ক সময়ে সময়ে চলি আহিছে।

বিশেষকৈ হিন্দুত্ববাদী দল-সংগঠনে তাজমহল পূৰ্বে শিৱ মন্দিৰ আছিল বুলিও দাবী কৰি আহিছে।