অসমীয়াআন্তঃৰাষ্ট্ৰীয়

ৰীল ভিডিঅ’ই কাল হ’ল এগৰাকী কিশোৰীৰ বাবে! ডিঙিত দুপাত্তা মেৰিয়াই ৰীল বনাই থকাৰ সময়তে ঘটিল এই ঘটনা…

নিউজ ডেস্কঃ সামাজিক মাধ্যমত ৰীল বনাবলৈ গৈ ডিঙিত দুপাত্তাৰ ফাঁচি লাগি অকাল মৃত্যুক সাৱটিবলগীয়া হ’ল এগৰাকী কিশোৰীয়ে। এই শোকাবহ ঘটনা সংঘটিত হৈছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ নোআখালীৰ চাটখিল উপজিলাত।

জানিব পৰা মতে, চাটখিল উপজিলাৰ বাসিন্দা সঞ্জিদা আখতাৰ নামৰ ১১ বছৰীয়া কিশোৰীগৰাকীয়ে সামাজিক মাধ্যমত ৰীল বনাই থকাৰ সময়তে ডিঙিত দুপাত্তাৰ ফাঁচ লাগে আৰু শ্বাস বন্ধ হৈ মৃত্যুক সাৱটি লয়।

শিৱপুৰ চৰকাৰী বিদ্যালয়ৰ ছাত্ৰীগৰাকীয়ে অইন দিনাৰ দৰেই বৃহস্পতিবাৰেও স্কুলৰ পৰা উভতি আহি ৰীল ভিডিঅ’ বনাই আছিল। আলমাৰীৰ ওপৰত থিয় হৈ চিলিঙত দুপাত্তাখন ওলোমাই ফাঁচী দিয়া মানুহৰ অভিনয় কৰি থাকোতেই হঠাৎ কিশোৰীগৰাকীৰ ভৰি পিচল খায়। যাৰ ফলত দুপাত্তাৰে ডিঙি চেপি মৃত্যু ঘটে সঞ্জিদাৰ।

image 84

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, যি সময়ত সঞ্জিদাৰ সৈতে এই অঘটন ঘটে, সেই সময়ত ঘৰত আন কোনো সদস্য নাছিল। পিছত বহু পলমকৈ পৰিয়ালৰ লোক উপস্থিত হৈ কিশোৰীগৰাকীক মুমুৰ্ষ অৱস্থাত প্ৰত্যক্ষ কৰি লগে লগে হাস্পতাললৈ লৈ যায়। কিন্তু চিকিৎসকে মৃত ঘোষণা কৰে কিশোৰীগৰাকীক। আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

১১ বছৰীয়া কিশোৰীগৰাকীৰ মৃত্যুৱে মৰ্মাহত কৰিছে পৰিয়ালটোক। ৰীল ভিডিঅ’ৰ প্ৰতি থকা প্ৰৱণতাই কালৰূপ ধাৰণ কৰি এনেদৰে এগৰাকী কিশোৰীৰ জীৱন কাঢ়ি নিয়াৰ ঘটনাই শোকবিহ্বল কৰিছে আন সকলকো।