
ৰিভেৰা এপাৰ্টমেন্টত চলা ৰেভ পাৰ্টীৰ তিনি মূল অভিযুক্ত আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ…
ৰিভেৰা এপাৰ্টমেন্টত চলা ৰেভ পাৰ্টীৰ তিনি মূল অভিযুক্ত আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ।
অভিযুক্ত বিকাশ জৈন, চয়ন শইকীয়া আৰু অশোক বৰ্মনক আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছে।
সত্ৰ ন্যয়াধীশৰ আদালতে শনিবাৰে তিনিজনকে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে।
অশোক বৰ্মনক ৬ দিনৰ বাবে আৰু বিকাশ জৈন আৰু চয়ন শইকীয়াক ২ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ।
উল্লেখ্য যে, ৰিভেৰা এপাৰ্টমেন্টত ১৪ আগষ্টৰ নিশা চলা এটা ৰেভ পাৰ্টিত নিষিদ্ধ কোকেইন সেৱন কৰি ধৰা পৰিছিল প্ৰায় ১৮ জনকৈ লোক।





