দিন দুপৰতে ভয়ংকৰ কাণ্ডঃ ৰাজপথত চোকা অস্ত্ৰৰে আক্ৰমণ দুই কলেজীয়া ছাত্ৰীক…

দিন দুপৰতে ধেমাজিত ভয়ংকৰ ঘটনা।

ৰাজপথত চোকা অস্ত্ৰৰে আক্ৰমণ দুই কলেজীয়া ছাত্ৰীক। 

ধেমাজিৰ চৰকাৰী  বাছ আস্থানৰ সন্মুখত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰৈ থকা মৰিঢল মহাবিদ্যালয়ৰ দুগৰাকী ছাত্ৰীক মহাবিদ্যালয়খনৰে বিয়েৰাৰ জিন্টু শৰ্মাই আক্ৰমণ কৰে।

স্কূটীত আহি হাতত লৈ অহা দাৰে উপযুৰ্পৰি আক্ৰমণ কৰি পলায়ন কৰে জিণ্টু শৰ্মাই।

ইতিমধ্যে গুৰুতৰভাৱে আহত ছাত্ৰ দুগৰাকীক ধেমাজী অসামৰিক চিকিৎস্যালয়ত ভৰ্তি কৰা হৈছে৷

আক্ৰমনকাৰী শৰ্মাক ধেমাজী আৰক্ষীয়ে আটক কৰিছে৷

আক্ৰমনকাৰী যুৱক জনৰ দেহ তেজেৰে তুমৰলি হৈ থকা অৱস্থাত আটক কৰে আৰক্ষীয়ে৷ 

মহাবিদ্যালয়ত শনিবাৰে হিন্দি পৰীক্ষা দি আহি নৃশংস আক্ৰমনৰ বলি হোৱা ছাত্ৰী দুগৰাকীৰ এগৰাকী ঢকুৱাখনাৰ ভগামুখৰ দেৱ দত্তৰ কন্যা আৰু অন্যগৰাকী আমকতিয়া গাঁওৰ নবীন শইকীয়াৰ কন্যা বুলি জানিব পৰা গৈছে।

Leave a Comment