ৰাষ্ট্ৰীয়

ৰাহুল দ্ৰাবিড়ক ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে আনুষ্ঠানিকভাৱে নিযুক্তি…

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ ৰাহুল দ্ৰাবিড়ক ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে আনুষ্ঠানিকভাৱে নিযুক্তি।

সুলাকছানা নায়ক আৰু আৰ পি সিঙেৰে গঠিত ক্ৰিকেট পৰামৰ্শদাতা কমিটিয়ে আনুষ্ঠানিকভাৱে এই ঘোষণা কৰে।

টি-২০ বিশ্বকাপৰ সামৰণি পৰাৰ পাছত নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া আগন্তুক ঘৰুৱা শৃংখলাত দ্ৰাবিড়ে ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব পালন কৰিব।

চলিত টি-২০ বিশ্বকাপ প্ৰতিযোগিতাৰ পাছতে ভাৰতীয় ক্ৰিকেট দলৰ বৰ্তমানৰ মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ কাৰ্য্যাকালৰ সামৰণি পৰিব।

আনুষ্ঠানিকভাৱে ৰাহুল দ্ৰাবিড়ৰ নাম ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে ঘোষণা কৰাৰ পিছতে দলটোক লৈ আশাবাদী ৰাহুল দ্ৰাবিড়।

Leave a Reply

Your email address will not be published. Required fields are marked *