ৰাষ্ট্ৰপতি নিৰ্বাচনত বিজেপি তথা এন ডি এৰ প্ৰাৰ্থী হ’ব জনজাতীয় মহিলা দ্ৰৌপদী মুৰ্মু…

ৰাষ্ট্ৰপতি নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এনডিএ মিত্ৰজোঁটৰ প্ৰাৰ্থী হ’ব দ্ৰৌপদী মুৰ্মু।

মঙলবাৰে দলৰ মুখ্য কাৰ্যালয়ত বিজেপিৰ সৰ্বোচ্চ নীতি নিৰ্ধাৰণকাৰী সংস্থা সংসদীয় ব’ৰ্ডৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

উক্ত বৈঠকৰ পিছতে সংবাদমেলযোগে জে পি নাড্ডাই ঘোষণা কৰে দ্ৰৌপদী মুৰ্মুৰ নাম।

image 187
ৰাষ্ট্ৰপতি নিৰ্বাচনত বিজেপি তথা এন ডি এৰ প্ৰাৰ্থী হ’ব জনজাতীয় মহিলা দ্ৰৌপদী মুৰ্মু... 3

ঝাৰখণ্ডৰ প্ৰাক্তন ৰাজ্যপাল দ্ৰৌপদী মুৰ্মু হ’ব এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী।

সংসদীয় ব’ৰ্ডৰ বৈঠকত প্ৰায় ২০ টা নাম আলোচনা কৰি জনজাতীয় মহিলা নেত্ৰী মুৰ্মুৰ নাম ঠিৰাং কৰা হয় বুলি নাড্ডাই সদৰি কৰে।

image 188
ৰাষ্ট্ৰপতি নিৰ্বাচনত বিজেপি তথা এন ডি এৰ প্ৰাৰ্থী হ’ব জনজাতীয় মহিলা দ্ৰৌপদী মুৰ্মু... 4

উল্লেখ্য যে, ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে বিৰোধী দলসমূহে যৌথ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশৱন্ত সিনহাক।