লাভলীনা বৰগোহাঁইক প্ৰদান কৰা হ’ল দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটা।
নতুন দিল্লীত ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি ৰানাথ কোবিন্দে লাভলীনাক প্ৰদান কৰে এই বঁটা।
লাভলীনা বৰগোহাঁইৰ লগতে দেশৰ ১২গৰাকী খেলুৱৈক মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা প্ৰদান কৰা হয়।
ৰাষ্ট্ৰপতি ভৱনত হোৱা অনুষ্ঠানত অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰাই ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা সৰ্বোচ্চ ক্ৰীড়া সন্মান মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা লাভ কৰে।
২০২০ টকিঅ’ অলিম্পিকত জেভলিন থ্ৰ’ত স্বৰ্ণ পদক লাভ কৰিছিল নীৰজ চোপ্ৰাই।
নীৰজ চোপ্ৰা, লাভলীনা বৰগোহাঁইৰ উপৰিও খেল ৰত্ন বঁটা লাভ কৰা আন খেলুৱৈসকল হৈছে, মল্লযোদ্ধা ৰবি কুমাৰ দাহিয়া, লগতে টকিঅ’ অলিম্পিকত দেশলৈ সুনাম কঢ়িয়াই অনা পুৰুষ হকী দলৰ শ্ৰীজেশ পিআৰ আৰু মনপ্ৰীত সিং।
ইফালে, পেৰালিম্পিক গেমছৰ পদক বিজয়ী অৱনী লেখাৰা, প্ৰমোদ ভগত, কৃষ্ণা নাগৰ, সুমিত এণ্টিল আৰু মনীষ নৰৱালেও এই বঁটা লাভ কৰিবলৈ সক্ষম হয়।
আনহাতে, ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়ক মিথালী ৰাজৰ লগতে ভাৰতৰ পুৰুষ ফুটবল দলৰ অধিনায়ক সুনীল ছেত্ৰীয়েও ৰাষ্ট্ৰপতিৰ পৰা খেল ৰত্ন বঁটা গ্ৰহণ কৰে।
উল্লেখ্য যে, ক্ৰীড়াজগতত দেখুওৱা সুন্দৰ প্ৰদৰ্শনৰ বাবে প্ৰতি বছৰে খেলুৱৈসকলক এই বঁটা প্ৰদান কৰা হয়।









