ৰাৱণৰ মৃত্যু!
‘ৰামায়ণ’ত ৰাৱণৰ চৰিত্ৰত অভিনয় কৰা প্ৰখ্যাত অভিনেতা অৰবিন্দ ত্ৰিবেদীৰ দেহাৱসান।
ৰামানন্দ সাগৰৰ জনপ্ৰিয় ধাৰাবাহিক ‘ৰামায়ণ’ত ৰাৱণৰ চৰিত্ৰত অভিনয় কৰিছিল অৰবিন্দ ত্ৰিবেদীয়ে।
মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮২ বছৰ।
নিশা হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু মুখত পৰে অভিনেতাগৰাকীয়ে।
জনপ্ৰিয় টিভি ধাৰাবাহিক বিক্ৰম আৰু বেতালতো অভিনয় কৰিছিল ত্ৰিবেদীয়ে।
মধ্য প্ৰদেশৰ উজ্জয়িনীত জন্ম লাভ কৰিছিল প্ৰখ্যাত অভিনেতাগৰাকীয়ে।









