মহানগৰীৰ ধীৰেনপাৰাৰ দিন ডকাইতি ঘটনা সন্দৰ্ভত ৪ জন লোকক আটক।
ঘটনা সন্দৰ্ভত আৰক্ষীসহ ৪জনক আটক কৰিছে আৰক্ষীয়ে।
আটকাধীন দুই আৰক্ষী বিষয়া হৈছে গণেশ দাস আৰু কৰুণা।
ডকাইতি কাণ্ডত ব্যৱহৃত ডাষ্টাৰখনৰ গৰাকী 10th APBnৰ বিষয়া গণেশ দাস।
গাড়ীখন ব্যৱহাৰ কৰিছিল কৰুণা নামৰ আন এজন আৰক্ষীয়ে।
জব্দকৃত গাড়ীখনৰ পৰা উদ্ধাৰ হৈছে ক’লা কাপোৰৰ লগতে ৫টাকৈ ম’বাইল ফোন।
লগতে উদ্ধাৰ কৰা হৈছে গুলীৰ খালী কাৰ্টিজ।
উদ্ধাৰ হোৱা খালী কাৰ্টিজটো পুলিচৰ গুলী বুলি সন্দেহ।
অৱশ্যে বৰ্তমানেও ঘটনা সন্দৰ্ভত মুখ খোলা নাই মহানগৰ আৰক্ষীয়ে।









