
ৰাণী চাহ বাগিচাৰ গাঁতত পৰি সদ্যজাত হাতী পােৱালিৰ মৃত্যু
নিউজ ডেস্ক। ৰাজ্যজুৰি হাতী-মানুহৰ সংঘাত অব্যাহত থকাৰ মাজতে এইবাৰ মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণীত মৃত্যু ঘটিল সদ্যজাত হাতী পােৱালীৰ।
চাহ বাগিচাৰ দ খাৱৈত পৰি মৃত্যু এমহীয়া মাইকী হাতী পোৱালীৰ।

বাগিচাখনত কৰ্মৰত শ্ৰমিকে মৃত অৱস্থাত প্ৰত্যক্ষ কৰে পোৱালিটো। ইয়াৰ পিছত ঘটনা সন্দৰ্ভত অৱগত হয় বন বিভাগ।
উল্লেখ্য যে প্ৰায়েই বন্যহস্তীৰ জাকৰ সৈতে সৰু সৰু হাতী পোৱালি খাদ্যৰ সন্ধানত এনেদৰে জনাঞ্চলৈ ওলাই আহে।
কিছুদিন পুৰ্বেও অনুৰূপ ঘটনা সংঘটিত হোৱাত স্থানীয় লোকে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল হাতী পোৱালীক।
ঘটনাস্থলীত ৰাণী বন বিভাগ উপস্থিত হৈ ঘটনাৰ বুজ লৈ বিহিত ব্যৱস্থা হাতত লৈছে।





