অসম

উচ্চ মানৰ চলচ্চিত্র নিৰ্মাণ কৰিলে দৰ্শকে চাবলৈ আহিবইঃ আইমী বৰুৱা…

চাংসাৰিস্থিত ড° ভূপেন হাজৰিকা চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানত চাৰিদিনীয়াকৈ অনুষ্ঠিত হয় চলচ্চিত্র বিষয়ক ৰাষ্ট্ৰীয় আলোচনা-চক্ৰ।

উক্ত আলোচনা চক্ৰত বুধবাৰে ভাগ লয় ‘ছেমখৰ’ নামৰ চিনেমাখনৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠা অভিনেত্রী আইমী বৰুৱা।

অনুষ্ঠানত অভিনেত্ৰীগৰাকীয়ে প্ৰশিক্ষাৰ্থীসকলৰ লগত প্ৰায় ডেৰ ঘণ্টা সময় মত বিনিময় কৰি অভিনেত্ৰীগৰাকীয়ে কয় – চলচ্চিত্র বিষয়ৰ প্ৰতিটো দিশ সঠিক আৰু নিখুঁত নিৰূপণৰ ক্ষেত্ৰত শিক্ষাগত তথা কাৰিকৰী শিক্ষাৰ প্ৰয়োজনীয়তা আছে। উচ্চ মানৰ চিনেমা হ’লৈ দৰ্শকে চাবলৈ আহিবই। ভাল চিনেমা নিৰ্মাণৰ সমল অসম তথা উত্তৰ পূর্বাঞ্চলত যিমান আছে হয়তো আন ঠাইত নাই। মাথোঁ তাক বিচাৰি পাব লাগিব, উপলদ্ধি কৰিব লাগিব। লগতে আগ্রহী মনোভাবো থাকিব লাগিব।

image 96

অভিনেত্ৰীগৰাকীয়ে আলোচনা-চক্ৰত ভাগ লোৱা প্ৰশিক্ষাৰ্থীসকলৰ বাবে প্ৰমাণ পত্ৰ প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

উল্লেখ্য যে চাংসাৰিত ১৯৯৯ চনৰ ১৭ জানুৱাৰীত জ্যোতি চিত্ৰবনৰ বাকৰিত জন্মগ্ৰহণ কৰা ড° ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন নামৰ শিক্ষা প্রতিষ্ঠানখনত চাৰি জুনৰ পৰা অনুষ্ঠিত কৰা হয় এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা-চক্র।

image 97

Roadmap to film making with technical mindset’ বিষয়ৰ ওপৰত অনুষ্ঠিত আলোচনা-চক্ৰত প্ৰশিক্ষক তথা বক্তা হিচাপে আইমী বৰুৱাৰ লগতে কেইবাগৰাকী অভিজ্ঞতাপুষ্ট ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফিল্ম প্রয়োজক, পৰিচালকে নিৰ্ধাৰিত কাৰ্যসূচী অনুযায়ী ভাগ লৈছিল।

বিশেষকৈ ফিল্ম উদ্যোগটোৰ লগত বিভিন্ন মাধ্যমত জড়িত ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাগৰাকী খ্যাতনামা ব্যক্তিয়ে আলোচনা-চক্রত বক্তা হিচাপে উপস্থিত থাকি প্রশিক্ষার্থীসকলক উৎসাহিত কৰি তুলিছিল।