ৰাজ্যৰ এইখন জিলাত ছোৱাইন ফ্লুৰ আতংকঃ প্ৰশাসনে হত্যা কৰি পুতি থ’লে ১৫০ টা গাহৰি…

ৰাজ্যত পুনৰ ছোৱাইন ফ্লুৰ আতংক।

দৰং জিলাৰ বিভিন্ন অঞ্চলত চোৱাইন ফ্লুৰ আতংক।

জিলা খনৰ পাথৰিঘাট ,কমাৰপাৰা আৰু গধীয়া পাৰাত গাহৰিৰ গাত পোৱা গৈছে ছোৱাইন ফ্লু।

বানপানীৰ পিছতেই জিলা খনত গাহৰিৰ গাত দেখা দিছে এই বিধ ৰোগে।

ইয়াৰ পিছতেই তৎপৰ হৈ পৰিছে দৰং জিলা প্ৰশাসন।

মঙলদৈৰ নিকটৱৰ্তী কমাৰপাৰাত প্ৰশাসনে একে দিনাই ১৫০টা গাহৰি হত্যা কৰি পুতি থ’লে গাঁতত।

এই ঘটনাৰ বাবে চিন্তিত হৈ পৰিছে জিলাখনৰ গাহৰি পালক সকল।