ঈদৰ আনন্দৰ মাজতে অঘটন! পুখুৰীত গা ধুবলৈ গৈ নিখোজ ৰাজীবুল হুছেইন

ঈদৰ আনন্দৰ মাজতে শোকাৱহ ঘটনা।

নগাঁও জিলাৰ কলিয়াবৰত পুখুৰীত গা ধুবলৈ গৈ নিখোজ এজন যুৱক।

জিলাখনৰ জখলাবন্ধাৰ গৰুবন্ধাত সংঘটিত হৈছে এই শোকাৱহ ঘটনা।

জানিব পৰা মতে, পথাৰৰ মাজত থকা দ-পুখুৰীত গা ধুবলৈ গৈ সন্ধানহীন হয় ৰাজীবুল হুছেইন নামৰ এজন যুৱক।

পুখুৰীটোত তিনিজন যুৱকে গা ধুবলৈ যোৱাৰ পিছতে ৰাজীবুল হুছেইন নিখোজ হয়।

স্থানীয় ৰাইজৰ লগতে ঘটনাস্থলত উপস্থিত হোৱা জখলাবন্ধা আৰক্ষীয়েও উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।