বিশিষ্ট অভিনেতা তথা অসমবাসীৰ মৰমৰ নিপন গোস্বামী আৰু নাই।
নেমকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ যশস্বী অভিনেতাগৰাকীৰ।
দীৰ্ঘদিনে হৃদৰোগত আক্ৰান্ত যশস্বী অভিনেতাগৰাকীয়ে।
আজি পুৱা পুনৰবাৰ হৃদৰোগত আক্ৰান্ত হৈছিল অভিনেতাগৰাকী।
পুৱা ৯.১৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতা গৰাকীয়ে।
মৃত্যুৰ সময়ত বয়স আছিল ৮০ বছৰ।
ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ’ব যশস্বী অভিনেতা নিপন গোস্বামীৰ।
ইপিনে হাস্পতালৰ সকলো খৰচ বহন কৰিব ৰাজ্য চৰকাৰে।
ৰাজ্য চৰকাৰৰ হৈ এই কথা জনালে কৰিলে মন্ত্ৰী অশোক সিংঘালে।
কেইবাখনো জনপ্ৰিয় ছবিত অভিনয় কৰিছিল নিপন গোস্বামীয়ে।
তেওঁৰ বলিষ্ঠ অভিনয়ে মোহিত কৰিছিল ৰাজ্যবাসীক।









