ৰাজ্যত ১ ছেপ্তেম্বৰৰ পৰা নহয় সম্পূৰ্ণ আনলকঃ কেশৱ মহন্ত…

ৰাজ্যৰ ক’ভিড পৰিস্থিতিক লৈ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ গুৰুত্বপূৰ্ণ মন্তব্য।

ৰাজ্যত ১ ছেপ্তেম্বৰৰ পৰা নহয় সম্পূৰ্ণ আনলক।

অৱশ্যে কিছু কিছু ক্ষেত্ৰত শিথিলতা আহিব বুলি মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে৷

উল্লেখ্য যে, ১ ছেপ্টেম্বৰত নতুন এছঅ’পি ঘোষণা হ’ব৷

মন্ত্ৰীগৰাকীয়ে কয়- ‘ক’ভিডৰ তৃতীয় ঢৌক লৈ সম্পূৰ্ণ সাজু স্বাস্থ্য বিভাগ৷ তৃতীয় ঢৌৰ সৈতে যুঁজ দিবলৈ সাজু বিভাগ৷ পোষ্ট ক’ভিডৰ চিকিৎসাৰ বাবে কালাপাহাৰ হাস্পতাল সাজু কৰা হৈছে৷’

কালাপাহাৰ হাস্পতালত পোষ্ট ক’ভিডৰ বাবে ১০৬খন বিচনা সাজু কৰা হৈছে বুলি জনায় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে৷

Leave a Comment