অসম

দুৰ্ঘটনাত পতিত যাত্ৰীবাহী ৰে’লঃ শৰাইঘাট এক্সপ্ৰেছৰ চাৰিটাকৈ দবা লাইনচ্যুত…

কামৰূপ জিলাৰ ছয়গাঁৱত ভয়াৱহ ৰে’ল দুৰ্ঘটনা।

শৰাইঘাট এক্সপ্ৰেছৰ চাৰিটাকৈ দবা লাইনচ্যুত।

গুৱাহাটীৰ পৰা হাওৰালৈ গৈ আছিল ৰে’লখন।

কামাখ্যা-যোগীঘোপা ৰে’লপথত লাইনচ্যুত হয় ৰে’লখন।

ছয়গাঁৱ ৰে’ল ষ্টেচন উপস্থিত হোৱাৰ কিছু সময় পূৰ্বে সংঘটিত হয় দুৰ্ঘটনাটো।

লগে লগে স্থানীয় ৰাইজে উদ্ধাৰ কৰে দবাকেইটাৰ যাত্ৰীসকলক।

অৱশ্যে দুৰ্ঘটনাটোত কোনো লোক হতাহত হোৱা নাই।

ৰে’লখন লাইনচ্যুত হোৱাত আৱদ্ধ হৈ পৰে আন কেইবাখনো ৰে’ল।

Leave a Reply

Your email address will not be published. Required fields are marked *