ৰাজ্যত বানৰ সংহাৰ! ১৭ আৰু ১৮ জুনত এইকেইখন জিলাত শিক্ষানুষ্ঠান বন্ধ ঘোষণা…

নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত সৃষ্টি হৈছে ভয়াৱহ বান পৰিস্থিতিৰ।

ৰাজ্যৰ নৈ উপনৈ সমূহৰ জলস্তৰ ওফন্দি উঠাৰ ফলত পুনৰ গৃহহাৰা হৈ পৰিছে নৈপৰীয়া লোকলকল।

প্ৰতিকুল বতৰৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ কেইবাখনো জিলাত ১৮ জুনলৈ বন্ধ ঘোষণা কৰা হৈছে শিক্ষানুষ্ঠান সমূহ।

image 132
ৰাজ্যত বানৰ সংহাৰ! ১৭ আৰু ১৮ জুনত এইকেইখন জিলাত শিক্ষানুষ্ঠান বন্ধ ঘোষণা... 6

কামৰূপ জিলাৰ উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰধিকাৰীৰ অধ্যক্ষ কৈলাশ কাৰ্তিক এনে উত্তৰ কামৰূপৰ উত্তৰ গুৱাহাটী, হাজো, কমলপুৰ, ৰঙিয়া আৰু কঞা ৰাজহ চক্ৰ এলেকাৰ অধীনৰ সকলো চৰকাৰী আৰু বেচৰকাৰী শৈক্ষিক প্ৰতিষ্ঠান ১৭ জুন আৰু ১৮ জুনত বন্ধৰ ঘোষণা কৰিছে।

আনহাতে, কেইবাদিন ধৰি মূষলধৰ বৰষুণৰ বাবেই ২ দিনৰ বাবে সকলো চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰা হৈছে দক্ষিণ শালমাৰা মানকাচৰ জিলাত।

image 133
ৰাজ্যত বানৰ সংহাৰ! ১৭ আৰু ১৮ জুনত এইকেইখন জিলাত শিক্ষানুষ্ঠান বন্ধ ঘোষণা... 7

১৭ আৰু ১৮ জুনত সকলো শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশ দিছে দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনে।

ওদালগুৰি আৰু গোৱালপাৰা জিলাতো প্ৰশাসনে ১৭ আৰু ১৮ জুনত সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে।

6da9e8d9 132f 4008 92d0 117f00de7996
ৰাজ্যত বানৰ সংহাৰ! ১৭ আৰু ১৮ জুনত এইকেইখন জিলাত শিক্ষানুষ্ঠান বন্ধ ঘোষণা... 8

সাম্ভাব্য প্ৰৱল বৃষ্টিপাত আৰু বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে জিলা প্ৰশাসনে।

প্ৰশাসনে জাৰি কৰা জাননীত কোৱা হৈছে যে পৰিস্থিতি উন্নত হ’লে ২০ জুনৰ পৰা জিলাখনৰ শিক্ষানুষ্ঠানসমূহ পুনৰ খুলিব।

image 134
ৰাজ্যত বানৰ সংহাৰ! ১৭ আৰু ১৮ জুনত এইকেইখন জিলাত শিক্ষানুষ্ঠান বন্ধ ঘোষণা... 9

ইপিনে বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি ৰাজ্যত ২০ জুনলৈ হ’ব বৰষুণ। ২০ জুনৰ পিছতহে বতৰ ফৰকাল হোৱাৰ সম্ভৱনা ব্যক্ত কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই।

লগতে চাওকঃ

ৰাজ্যত ২০ জুনলৈ অব্যাহত থাকিব বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী

G01
ৰাজ্যত বানৰ সংহাৰ! ১৭ আৰু ১৮ জুনত এইকেইখন জিলাত শিক্ষানুষ্ঠান বন্ধ ঘোষণা... 10