নিউজ ডেস্ক। অসম-মেঘালয়কে ধৰি উত্তৰ পূবৰ সকলাে ৰাজ্যতে অব্যাহত থকা মুষলধাৰ বৰষুণে জটিল পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়তে অহা ২੦ জুনলৈ বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা।
বৃহস্পতিবাৰে বৰঝাৰ স্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, অহা ২০ জুনলৈ অসমত অব্যাহত থাকিব প্ৰবল বৃষ্টিপাত।

এই বিষয়ে সতৰ্কতা জাৰি কৰি বতৰ বিজ্ঞান কেন্দ্রই ১৮ জুনলৈ অসমত ৰেড্ এলাৰ্ট জাৰি কৰিছে।
ইয়াৰ উপৰি ১৯ আৰু ২০ জুনত অৰেঞ্জ এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্রৰ।

ইয়াৰ উপৰিও বৃহস্পতিবাৰে কোকৰাঝাৰ, বঙাইগাঁও, দৰং, ওদালগুৰি, বাগ্সা, বৰপেটা, চিৰাং, নলবাৰী, কামৰূপ, কামৰূপ মেট্ৰ’, গোৱালপাৰা, ধুবুৰী, দক্ষিণ শালমাৰা, মৰিগাঁও, শোণিতপুৰ জিলাৰ কিছু অংশত বজ্ৰপাতৰ সৈতে লঘুৰ পৰা মধ্যমীয়া বৰষুণ অব্যাহত থকাৰ অতি সম্ভাৱনা প্ৰকাশ কৰিছে।










1 thought on “ৰাজ্যত ২০ জুনলৈ অব্যাহত থাকিব বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী”
Comments are closed.