অসম

ৰাজ্যত বাঢ়িব মাটিৰ দাম, ৰাজহ বিভাগে গ্ৰহণ কৰিছে সিদ্ধান্ত…

এইবাৰ ৰাজ্যত বাঢ়িব পাৰে মাটিৰ দাম।

ৰাজহ বিভাগে গ্ৰহণ কৰা সিদ্ধান্ত মৰ্মে ভূমিৰ ক্ষেত্ৰীয় মূল্য বৃদ্ধি পাব।

৫ টা শ্ৰেণীৰ ভূমিৰ বৃদ্ধি পাব ক্ষেত্ৰীয় মূল্য।

মূল্য বৃদ্ধি পাবলগীয়া ৫টা শ্ৰেণী হ’ল উদ্যোগিক ভূমি, ব্যৱসায়িক ভূমি, আৱাসিক ভূমি, চাহ বাগানৰ ভূমি আৰু কৃষি ভূমি।

ইতিমধ্যে ভূমিৰ ক্ষেত্ৰীয় মূল্য নিৰ্ধাৰণ কৰিবলৈ জিলা উপায়ুক্তসকলক নিৰ্দেশ দিছে ৰাজহ বিভাগে।

ইতিমধ্যে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ ৫টা ৰাজহ চক্ৰ এলেকাত বৰ্ধিত ক্ষেত্ৰীয় মূল্য প্ৰকাশ কৰা হৈছে য’ত ৭০ ৰ পৰা ২০০ শতাংশলৈ মূল্য বৃদ্ধি হৈছে।

উদ্যোগিক ভূমিৰ মূল্য গড়ে ২০০ শতাংশ, ব্যৱসায়িক ভূমিৰ মূল্য গড়ে ১৫০ শতাংশ, আৱাসিক ভূমিৰ মূল্য গড়ে ৭০ শতাংশলৈ বৃদ্ধি কৰাৰ বাবে মূল্য নিৰ্ধাৰণ কৰিছে জিলা প্ৰশাসনে।

লগতে চাওকঃ

শাৰীৰিক প্ৰতিবন্ধকতা নেওচি সাহিত্য জগতত উজলিছে হিয়া…

Leave a Reply

Your email address will not be published. Required fields are marked *