অসম

পুনৰ অসম আৰক্ষীৰ এনকাউন্টাৰ! মহানগৰীত গুলীবিদ্ধ ড্ৰাগছ সৰবৰাহকাৰী…

পুনৰ অসম আৰক্ষীৰ এনকাউন্টাৰত গুলীবিদ্ধ হৈছে ড্ৰাগছ সৰবৰাকাৰী।

সোমবাৰে নিশা গুৱাহাটীৰ গড়চুক আৰক্ষীৰ গুলীত গুলীবিদ্ধ হয় ড্ৰাগছ মাফিয়া তাছেৰ আলী।

সোমবাৰে গড়চুক আৰক্ষীয়ে তাছেৰক গ্ৰেপ্তাৰ কৰাৰ লগতে বুজন পৰিমানৰ জব্দ কৰিছিল ।

ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত আন লোকৰ ঘৰ দেখুৱাই দিবলৈ নিশা লৈ যোৱাৰ সময়তে তাছেৰে আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰোতেই আৰক্ষীয়ে তাছেৰক লক্ষ্য কৰি গুলী চলায় আৰু তাছেৰ গুলীবিদ্ধ হয়।

এই ঘটনাত আঘাতপ্ৰাপ্ত হৈছে কনিষ্টবল এ শইকীয়া৷

সোঁ-ভৰিত আঘাতপ্ৰাপ্ত আলীক ইতিমধ্যে ভৰ্তি কৰোৱা হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৷

আৰক্ষীয়ে জানিবলৈ দিয়া মতে তাছেৰে তেওঁৰ পত্নীৰ সৈতে নিষিদ্ধ ড্ৰাগছৰ অবৈধ ব্যৱসায় চলাইছিল।

উল্লেখ্য যে তাছেৰক মনিপুৰৰ পৰা বাংলাদেশলৈ নিষিদ্ধ ড্ৰাগছ সৰবৰাহ কৰা এক চোৰাং চক্ৰৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *