ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ আতংকঃ পুনৰ এগৰাকী লোকে হেৰুৱালে প্ৰাণ…

ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ আতংক।

ৰাজ্যৰ বিভিন্ন স্থানত ভয়াৱহভাৱে বৃদ্ধি পাইছে মাৰাত্মক জাপানীজ এনকেফেলাইটিজৰ প্ৰাদুৰ্ভাৱৰ খবৰ৷

ৰাজ্যত জাপানীজ এনকেফেলাইটিছত পুনৰ এগৰাকী লোকে প্ৰাণ হেৰুৱালে।

জাগিৰোডৰ ছটাবড়ীত ভৰলু ডেকা(৫০) নামৰ এজন লোকৰ মৃত্যু।

কিছুদিন পূৰ্বে অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে ভৰ্তি কৰাইছিল গুৱাহাটীৰ জিএনআৰচি হস্পিতালত।

৪ জুলাইত চিকিৎসকে কৰা পৰীক্ষাত লোকজন জাপানীজ এনকেফেলাইটিজ ৰোগত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহে।

বিগত কেইবাটাও দিন সংকটজনক অৱস্থাত থকাৰ পিছত অৱশেষত সোমবাৰে মৃত্যুক আকোৱালি লয় ভৰলু ডেকাই।