ৰহস্যজনক! ৰাজধানী দিল্লীত উদ্ধাৰ অসমৰ যুৱতী পিংকী বড়োৰ মৃতদেহ…

এক ৰহস্যজনক ঘটনা।

ৰাজধানী দিল্লীত উদ্ধাৰ অসমৰ যুৱতী মৃতদেহ।

উদ্ধাৰ হোৱা মৃতদেহটো পিংকী বড়ো নামৰ এগৰাকী যুৱতীৰ বুলি জানিব পৰা গৈছে।

পিংকী বড়োৰ ঘৰ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বচাপথাৰত।

দিল্লীত নিজৰ ভাড়া ঘৰৰ কোঠাৰ ভিতৰতে উদ্ধাৰ কৰা হৈছে পিংকীৰ মৃতদেহ।

খবৰ লাভৰ লগে লগে দিল্লী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

লগতে পিংকীৰ গোলাঘাটৰ ঘৰৰ সৈতেও যোগাযোগ কৰে।

মৰণোত্তৰ পৰীক্ষাৰ পাছতহে পৰিয়ালক মৃতদেহ গতাই দিব আৰক্ষীয়ে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।