জীৱশ্ৰেষ্ঠৰ নিকৃষ্ট কাণ্ড! বস্তাই বস্তাই মাৰিছে দেশী-বিদেশী পৰিভ্ৰমী পক্ষী, আটক কুখ্যাত চোৰাং চিকাৰী…

জীৱশ্ৰেষ্ঠৰ নিকৃষ্ট কাণ্ড।

বস্তাই বস্তাই মাৰিছে দেশী-বিদেশী পৰিভ্ৰমী পক্ষী।

শিৱসাগৰৰ পানী দিহিং পক্ষী অভয়াৰণ্যত চোৰাং চিকাৰীয়ে বস্তাই-বস্তাই বিহ দি নিধন কৰিছে পৰিভ্ৰমী পক্ষী।

ইয়াৰ পিছতে শিৱসাগৰৰ পানী দিহিং পক্ষী অভয়াৰণ্যত চোৰাং চিকাৰীৰ বিৰুদ্ধে বন বিভাগে আৰম্ভ কৰিছে তীব্ৰ অভিযান।

ইতিমধ্যেই বন বিভাগে এটা কৌশলী অভিযান চলাই দয়াৰাম পাংগিং নামৰ এজন কুখ্যাত চোৰাং চিকাৰীক হাতে-লোটে কৰায়ত্ত কৰিবল্য সক্ষম হৈছে। লগতে অভিযানকাৰী দলটোৱে চোৰাং চিকাৰীজনৰপৰা দুটা ৰাজহাঁহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

চোৰাং চিকাৰী দয়াৰাম পাংগিঙৰ ঘৰ নিতাই পুখুৰী আৰক্ষী চকীৰ অন্তৰ্গত শামুকজান গাঁৱত বুলি জানিব পৰা গৈছে।

ইপিনে এই অভিযানৰ সময়ত বন বিভাগৰ দলটোক চোকা অস্ত্ৰৰে আক্ৰমণৰ চেষ্টা চলোৱা এটা দলক প্রতিহত কৰিবৰ বাবে বন বিভাগৰ দলটোৱে শূন্যলৈ গুলী চলাবলৈ বাধ্য হয়।

পক্ষী অভয়াৰণ্যখনত চোৰাং চিকাৰীৰ অতপালি আৰু দিনৰ পোহৰতেই সতীর্থ চিকাৰীক অভিযানকাৰী দলৰপৰা উদ্ধাৰ কৰিবৰ বাবে সংঘবদ্ধ ৰূপত আক্ৰমণৰ বাবে অপচেষ্টা চলোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে বন বিভাগৰ চৰকাৰী তথ্য মতে, শীতৰ আগমনৰ লগে লগে অষ্ট্ৰেলিয়া, আমেৰিকা, বুলগেৰিয়া, চাইবেৰিয়াৰ লগতে কেইবাখনো দেশৰপৰা পানীদিহিং পক্ষী অভয়াৰণ্যখনলৈ আগমন ঘটে প্রায় ২৬৫টা প্ৰজাতিৰ পক্ষী।

জাল আৰু ফুৰাডন নামৰ বিষাক্ত কীটনাশক দি পক্ষী হত্যা কৰি অহা দয়াৰামৰ বিৰুদ্ধে বন বিভাগৰ দলটোৱে বন্যপ্ৰাণী সংৰক্ষণ আইন ১৯৭২ৰ অধীনত নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰি জেৰা অব্যাহত ৰাখিছে।