অসম

ৰাজ্যত অসুৰক্ষিত মহিলা! ৰাজপথত মহিলাক ব্লেডেৰে আক্ৰমণ কৰি কাঢ়ি নিলে সোণৰ গহণা…

ৰাজ্যত নাৰী সুৰক্ষাক লৈ পুনৰ উত্থাপন হৈছে প্ৰশ্নৰ!

কিয়নো ৰাজ্যত সংঘটিত হৈছে এক চা়ঞ্চল্যকৰ ঘটনা।

ৰাজপথত এগৰাকী মহিলাক ব্লেডেৰে আক্ৰমণ কৰি দুৰ্বৃত্তই কাঢ়ি নিলে সোণৰ আ-অলংকাৰ।

জানিব পৰা মতে, নগাঁও চহৰত আন্ধাৰৰ সুযোগলৈ ৰাজপথত মহিলাৰ ওপৰত ব্লেডমেনে চলোৱা আক্ৰমণকলৈ চাঞ্চল্যৰ সৃষ্টি হৈছে৷

হয়বৰগাঁৱৰ ৰঞ্জু ম’ৰ নামৰ মহিলাগৰাকী ৰাজপথৰে খোজ কাঢ়ি গৈ থাকোতে বাইকত অহা দুই দুৰ্বৃত্তই মহিলা গৰাকীৰ ডিঙি আৰু হাতত ব্লেডেৰে উপৰ্যুপৰি আঘাট কৰে৷ ফলত গুৰুত্বৰ ভাবে আহত হয় পথচাৰী মহিলা গৰাকী।

হয়বৰ গাওঁ আৰক্ষী চকী অন্তৰ্গত চেন্টএন্থনী স্কুলৰ ওচৰত সংঘটিত হৈছে এই ঘটনা৷

পথত বগৰাই দুই যুবকে মহিলা গৰাকীৰ দুই হাতত থকা সোনৰ খাৰু জোৰকৈ খুলি কাঢ়ি লয়।পিছত ডিঙিত থকা চেইন চিঙি লয়।

পৰবৰ্তী সময়ত মহিলাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰা হয়৷

ইফালে মহিলা গৰাকীৰ স্বামীয়ে ঘটনাৰ সন্দৰ্ভত হয়বৰগাওঁ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে।

নগাঁও আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে যদিও ব্লেডমেন ৰূপী দুৰ্বৃত্তৰ কোনো শুংসূত্ৰ লাভ কৰা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *