ৰাজ্যজুৰি অসম আৰক্ষীৰ জালত সৰ্বমুঠ ৫২০ জন দালাল, গুৱাহাটীৰ পৰা আটক ৩৫জন…

মাটিৰ দালালৰ বিৰুদ্ধে ৰাজ্যজুৰি অসম আৰক্ষীৰ অব্যাহত আছে অভিযান।

মঙলবাৰে সন্ধিয়া ৫ বজালৈ অসম আৰক্ষীৰ জালত পৰিছে ৫২০ জন মাটিৰ দালাল।

ইয়াৰে গুৱাহাটী মহানগৰীৰ পৰা আটক হৈছে ৩৫ জন দালাল।ওদালগুৰিত ২টা, লখিমপুৰত ১৩টা দালালক আটক।

ইয়াৰ ভিতৰত কামৰূপ (গ্রাম্য)ত ৫২টা, মৰিগাঁৱত ২৭টা, নগাঁৱত ২২টা দালাল আটক।

ধুবুৰীত ২০টা, বঙাইগাঁৱত ১৪টা দালাল আটক।

গোলাঘাটত ১৪টা, কৰিমগঞ্জত ১৬টা, হোজাইত ২৬টা দালাল আটক।

ডিব্রুগড়ত ১৭টা, কাৰ্বি আংলঙত ৩টা, যোৰহাটত ১৫টা দালাল আটক।

শদিয়াত ৩টা, নলবাৰীত ৩১টা, তিনিচুকীয়াত ৫টা দালাল আটক।

বিশ্বনাথত ৩৩টা, শোণিতপুৰত ১২টা, কোকৰাঝাৰত ২২টা দালাল আটক।

বৰপেটাত ৪১টা, গোৱালপাৰাত ১৩টা, গুৱাহাটীত ৩৫টা দালাল আটক।

হাইলাকান্দিত ১২টা, কাছাৰত ১২টা, ধেমাজিত ৩টা দালাল আটক।

শিৱসাগৰত ৫টা, দক্ষিণ শালমাৰাত ৫টা, চিৰাঙত ৮টা দালাল আটক।

বাক্সাত ১৪টা, বজালীত ১৭টা আৰু দৰঙত ১১টা মাটিৰ দালালক আটক কৰিবলৈ সক্ষম হৈছে।

Leave a Comment