কোকৰাঝাৰত এনকাউণ্টাৰৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ ৰাজ্যপালৰ।
১৮ ছেপ্টেম্বৰত কোকৰাঝাৰ জিলাৰ উল্টাপানি বনাঞ্চলত আৰক্ষী বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত নৱগঠিত সংগঠন ULB দুজন সন্দেহযুক্ত উগ্ৰপন্থীৰ মৃত্যুৰ ঘটনাৰ পাছতে বিটিআৰত সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়াৰ।
এই ঘটনাৰ তদন্ত কৰিবলৈ নামনি অসম বিভাগৰ আয়ুক্ত জয়ন্ত নাৰলিকাৰক নিৰ্দেশ দিছে ৰাজ্যপালে।
আয়ুক্ত নাৰলিকাৰে এই সমগ্ৰ ঘটনাৰ তদন্ত কৰি অহা ১৫ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব লাগিব।
ৰাজ্যিক গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিবে জাৰি কৰা এক জাননীত কোৱা হৈছে, নাৰলিকাৰে আৰক্ষী বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত দুজন সন্দেহযুক্ত ইউএলবি উগ্ৰপন্থীৰ মৃত্যু হোৱা ঘটনাৰ তথ্য আৰু পৰিস্থিতি নিৰ্ণয় কৰি ১৫ দিনৰ ভিতৰত তদন্ত প্ৰতিবেদন দাখিল কৰিব লাগিব’।

উল্লেখ্য যে, এনকাউণ্টাৰৰ ঘটনাৰ পিছৰে পৰা সমগ্ৰ বিটিআৰ অঞ্চলত এক উত্তেজনাময় পৰিৱেশে বিৰাজ কৰি আছে।
ইয়াৰ প্ৰতিবাদত সোমবাৰে বিটিআৰত আহ্বান জনোৱা হৈছিল ১২ ঘণ্টীয়া বন্ধৰো।
উল্লেখ্য যে, পৃথক বড়োলেণ্ডৰ দাবীৰে বড়োভূমিত নতুনকৈ গঠন হৈছিল বিদ্ৰোহী সংগঠন ইউনাইটেড লিবাৰেচন অৱ বড়োলেণ্ড (ইউএলবি)।









