অসম

ৰাজপথত হঠাতে দপদপকৈ জ্বলি উঠিল এখন স্কুটী, সম্পূৰ্ণৰূপে ভস্মীভূত…

গোলাঘাটৰ ৰাজপথত দপদপকৈ জ্বলি উঠিল এখন স্কুটী।

পাৰ্কিং কৰি থোৱা অৱস্থাতে হঠাতে জ্বলি উঠিল AS 05 R 0814 নম্বৰৰ এখন Hero Pleasure স্কুটী। গোলাঘাটৰ হনুমান মন্দিৰস্থিত পৱন সিংভী নামৰ লোকজনৰ স্কুটীখন দিনৰ ১ বজাৰ পৰা উক্ত স্থানত ৰখাই থোৱা আছিল।

জনবহুল বাটটোৰ কাষতে আছে এখন বিদ্যালয়‌।

স্কুটীখন হঠাৎ জ্বলি উঠাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি পানী ঢলাৰ ব্যৱস্থা কৰে যদিও সম্পূৰ্ণৰূপে জ্বলি ছাই হয় স্কুটীখন।

ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হোৱাৰ পূৰ্বেই জুইত ভস্মীভূত হয় স্কুটীখন।

জানিব পৰা মতে, মাত্ৰ চাৰিমাহৰ পূৰ্বে গৰাকীয়ে ক্ৰয় কৰিছিল স্কুটীখন।

Leave a Reply

Your email address will not be published. Required fields are marked *