আৰক্ষীৰ জালত হেৰ’ইন সহ কুখ্যাত ড্ৰাগছ মাফিয়া কবিৰ মোল্লা আৰু আব্দুল ৰাজ্জাক…

ৰাজ্যত বৰ্তমানেও অব্যাহত আছে ড্ৰাগছৰ সৰবৰাহ।

আৰক্ষীৰ জালত হেৰ’ইন সহ কুখ্যাত ড্ৰাগছ মাফিয়া কবিৰ মোল্লা আৰু আব্দুল ৰাজ্জাক।

মঙলবাৰে নিশা নগাঁৱৰ হয়বৰগাঁও আৰক্ষীয়ে অভিযান চলাই লক্ষাধিক টকাৰ হেৰ’ইন সহ গ্ৰেপ্তাৰ কৰে দুয়োজনকে।

জানিব পৰা মতে, দীৰ্ঘদিন ধৰি কবিৰ মোল্লা নগাঁও আৰক্ষীৰ বাবে ম’ষ্ট ৱাণ্টেড আছিল।

মঙলবাৰে নিশা নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে কাটিমাৰীত অভিযান চলাই কবিৰ মোল্লা আৰু আব্দুল ৰাজ্জাকক হেৰ’ইন সহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহত ব্যৱহাৰ কৰা এখন স্কুটীও জব্দ কৰে।

উল্লেখযোগ্য যে, ডিমাপুৰৰ পৰা অসমলৈ ড্ৰাগছৰ সৰবৰাহ বন্ধ কৰিবলৈ অসম আৰক্ষীয়ে কটকটীয়া তালাচীৰ ব্যৱস্থা কৰাৰ পিছতো নিতৌ ন ন কৌশল ব্যৱহাৰ কৰি ড্ৰাগছ মাফিয়াই অসমলৈ ড্ৰাগছৰ সৰবৰাহ অব্যাহত ৰাখিছে।

Leave a Comment