ৰাষ্ট্ৰীয়অসমীয়া

ৰাজনীতিলৈ আহক… অভিনেত্ৰী স্বৰা ভাস্কৰক প্ৰস্তাৱ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ

নিউজ ডেস্ক। বলিউডৰ অভিনেত্ৰী তথা সামাজিক মাধ্যমত কেন্দ্ৰৰ বিজেপি চৰকাৰৰ নীতিৰ বিৰুদ্ধে সৰৱ স্বৰা ভাস্কৰক ৰাজনীতিলৈ মুকলি আমন্ত্ৰণ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ।

উল্লেখ্য যে মুম্বাইত বিশিষ্ট ব্যক্তিৰ স’তে মত বিনিময়ৰ বাবে এক অনুষ্ঠানত অংশ লৈছিল স্বৰাই।

এই অনুষ্ঠানত উপস্থিত আছিল স্বৰা আৰু মমতাৰ লগতে জাভেদ আখতাৰ, মহেশ ভাট, ৰিচা চাড্ডাৰ দৰে বিশিষ্ট ব্যক্তি।

সভাৰ আৰম্ভণিতে নিজকে অভিনেত্ৰী বুলি পৰিচয় দি স্বৰাই ভাষণ ৰাখে আৰু পাছত তেওঁ বাংলাতে কয় ‘খেলা হয়েছে’।

স্বৰাক সাক্ষাৎ কৰি ৰাজনীতিত প্ৰৱেশৰ প্ৰস্তাৱ দি মমতাই কয়, ‘আপুনি ৰাজনীতিত কেতিয়া প্ৰত্যক্ষভাৱে যােগদান কৰিব? আপোনাৰ দৰে দৃঢ়মনা মহিলাই ৰাজনীতিত প্ৰৱেশ কৰা উচিত।’

Leave a Reply

Your email address will not be published. Required fields are marked *