ৰাছিয়াৰ টেংক প্ৰতিৰোধৰ বাবে দলঙৰ সৈতে নিজকে উৰুৱাই দিলে ইউক্ৰেইনৰ এগৰাকী বীৰ সেনাই…

ইউক্ৰেইনত এতিয়া বিভীষিকা। ৰাছিয়ান সেনাৰ আক্ৰমণত ধ্বংসস্তূপত পৰিণত হৈছে ইউক্ৰেইনৰ ইখনৰ পিছত সিখন চহৰ। যুদ্ধৰ আজি তৃতীয় দিন।

আজিও মৃত্যুৰ কিৰিলি আৰু জীৱনৰ আৰ্তনাদে কঁপাইছে ইউক্ৰেইনৰ আকাশ বতাহ।

ইউক্ৰেইনৰ এই ভয়াবহ পৰিস্থিতিৰ মাজতে ৰাছিয়াৰ বিৰুদ্ধে সাহসেহে যুঁজ দি প্ৰাণ ত্যাগ কৰা ৰাষ্ট্ৰখনৰ এজন সেনাৰ কাহিনী এতিয়া চৰ্চালৈ আহিছে।

ভিটালী শকুন নামৰ ইউক্ৰেইনৰ এই সৈনিকজনে ৰাছিয়াৰ টেংক প্ৰতিহত কৰিবলৈ এখন দলঙৰ সৈতে বোমাৰে নিজকে উৰুৱাই দিয়ে। উক্ৰেইনৰ সেনাই ভিটালিৰ কাহিনী ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি তেওঁক নায়ক বুলি অভিহিত কৰিছে।

ৰাছিয়াৰ টেংক প্ৰতিৰোধৰ বাবে দলঙৰ সৈতে নিজকে উৰুৱাই দিলে ইউক্ৰেইনৰ এগৰাকী বীৰ সেনাই… 4

দৰাচলতে, ৰাছিয়াৰ সেনাই ইউক্ৰেইনত চলোৱা আক্ৰমণৰ প্ৰত্যুত্তৰত, ইউক্ৰেইনৰ সেনাৰ পৰা সাধাৰণ নাগৰিকলৈ সকলোৱে ৰাছিয়াৰ বিৰুদ্ধে থিয় হৈছে।

তাৰ মাজতে ক্ৰিমিয়াৰ ওচৰৰ খেৰচন অঞ্চলত নিৰ্মিত দলং পাৰ হৈ ৰাছিয়াৰ সেনাই দ্ৰুতগতিত আগবাঢ়িছে বুলি খবৰ লাভ কৰাৰ পিছতে ৰাছিয়াক প্ৰতিৰোধ কৰিবলৈ ইউক্ৰেইনৰ সেনাক সতৰ্ক কৰি দিয়া হয়।

‘ডেইলী মেইল’ৰ প্ৰতিবেদন অনুসৰি, দ্ৰুত গতিত আগবঢ়া ৰাছিয়ান সেনাক প্ৰতিহত কৰিবলৈ খেৰচন অঞ্চলত কৰ্তব্যৰত ইউক্ৰেইনৰ সেনা ভিটালি শকুনে দায়িত্ব গ্ৰহণ কৰে আৰু দলংখনৰ সৈতে নিজকে উৰুৱাই দিয়ে, যাতে ৰাছিয়ান সেনাই চহৰখনত প্ৰৱেশ কৰিব নোৱাৰে।

খবৰ অনুসৰি, ভিটালীয়ে বিস্ফোৰণ কৰি ভাঙি পেলোৱা সেই দলংখনে ৰাছিয়াৰ দখলত থকা ক্ৰিমিয়াক ইউক্ৰেইনৰ সৈতে সংযোগ কৰে। যাৰ বাবে নিজৰ বলিদানৰ চৰম সিদ্ধান্ত লৈ ৰাছিয়াক প্ৰতিহত কৰিবলৈ তৎপৰ হৈ পৰিছিল বীৰ সেনা ভিটালীয়ে।

ভিটালীৰ সাহসিকতাক ইউক্ৰেইনৰ সেনাই অভিবাদন জনাই কয় যে ৰাছিয়াৰ সৈতে মোকাবিলা কৰিবলৈ বিশেষ সামুদ্ৰিক বেটেলিয়ন তাত ৰখা হৈছিল। এই বেটেলিয়নৰ অভিযন্তা ভিটালী শকুনে ক্ৰিমিয়াৰ ওচৰৰ হেনিচেস্ক দলঙত ৰাছিয়াৰ সেনাৰ বিৰুদ্ধে সন্মুখৰ পৰা নেতৃত্ব দিছিল।

ৰাছিয়াৰ টেংক ৰাজধানী কিয়েভৰ ফালে যাতে আগবাঢ়িব নোৱাৰে, তাৰ বাবে তেওঁ দলংখনৰ উৰুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

FMf3VNPXoAY1m36
ৰাছিয়াৰ টেংক প্ৰতিৰোধৰ বাবে দলঙৰ সৈতে নিজকে উৰুৱাই দিলে ইউক্ৰেইনৰ এগৰাকী বীৰ সেনাই… 5

সেই সিদ্ধান্ত অনুসৰি ভিটালী শকুনক দায়িত্ব অৰ্পণ কৰা হয় যদিও কাম ইমান সহজ নাছিল। ভিটালীয়ে তেওঁৰ জীৱনৰ শেষ উহাশলৈকে দলংখনত বিস্ফোৰণ কৰাৰ চেষ্টা চলায় আৰু অৱশেষত সফলো হয়। কিন্তু দলংখন বিস্ফোৰণ কৰাৰ সময়ত তেওঁ তাতেই আৱদ্ধ হৈ পৰে আৰু বিস্ফোৰণৰ লগে লগে দলংখনৰ লগতে তেৱোঁ শ্বহীদ হয়।

প্ৰতিবেদন অনুসৰি, ভিটালীক মৰোণত্তৰভাৱে সন্মানিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ইউক্ৰেইনে।

লগতে চাওকঃ

প্ৰশিক্ষণৰ সময়তে ভূপতিত বিমান, মহিলা পাইলটৰ মৃত্যু

G02 8
ৰাছিয়াৰ টেংক প্ৰতিৰোধৰ বাবে দলঙৰ সৈতে নিজকে উৰুৱাই দিলে ইউক্ৰেইনৰ এগৰাকী বীৰ সেনাই… 6

Leave a Comment