অসম

ৰহস্যজনক! মহানগৰীৰ গান্ধীবস্তিৰ নলাত উদ্ধাৰ যুৱকৰ মৃতদেহ, পৰিয়ালত হাহাকাৰ…

গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা।

মহানগৰীৰ গান্ধীবস্তিৰ এটা নলাত উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ।

উদ্ধাৰ কৰা মৃতদেহটো বঙাইগাঁও জিলাৰ পখিলা আৰক্ষী চকীৰ অন্তৰ্গত ৩নং নাম্বাৰপাৰাৰ হয়বৰ ৰহমানৰ একমাত্ৰ পুত্ৰ হামিদুল ইছলামৰ বুলি চিনাক্ত কৰা হৈছে।

পৰিয়ালৰ লোকে এই ঘটনাৰ খবৰ লাভ কৰাৰ পিছতেই ঘৰখনত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ।

জানিব পৰা মতে, মৃত হামিদুল গান্ধীবস্তিত কাপোৰৰ ব‍্যৱসায়ত নিয়োজিত হৈ আছিল।

দুদিন পূৰ্বে নিজৰ ৰুমৰ পৰা গান্ধীবস্তিলৈ বজাৰ কৰাৰ বাবে ওলাই যোৱাৰ পিছৰে পৰা যুৱকজন সন্ধানহীন হৈ আছিল।

বন্ধুবৰ্গই বিছাৰ খোচাৰ কৰাৰ পিছতো কোনো সন্ধান লাভ কৰা নাছিল হামিদুলৰ।

সোমবাৰে ৰাতিপুৱা স্থানীয় লোকে এটা নলাত এজন যুৱকৰ মৃতদেহ ওপঙি থকা দেখা পাই আৰক্ষীক খবৰ দিয়ে। পিছত এই মৃতদেহ হামিদুলৰে বুলি চিনাক্ত হয় ।

হামিদুলৰ এই মৃত্যু স্বাভাৱিক নে হত‍্যাকাণ্ড নে আন কিবা এতিয়ালৈকে তাৰ কোনো নিশ্চিত তথ্য আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হোৱা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *