গুৱাহাটীৰ নন্দিতালৈ ৰাষ্ট্ৰীয় সাহসিকতা বঁটা, প্ৰদান কৰিব ৰাষ্ট্ৰপতিয়ে

নিউজ ডেস্ক। অসমবাসীৰ বাবে গৌৰৱৰ ক্ষণ।

অসমৰ দুজনকৈ শিশুক নিৰ্বাচিত হৈছে ৰাষ্ট্ৰীয় সাহসিকতা বঁটাৰ বাবে।

শােণিতপুৰ জিলাৰ মিছামাৰীৰ ২ নং ধনখনা গাঁৱৰ ১੦ বছৰীয়া উত্তম তাঁতীৰ লগতে গুৱাহাটীৰ নন্দিতা দাসক এইবাৰ ৰাষ্ট্ৰীয় শিশু সাহসিকতা বঁটাৰ বাবে নিৰ্বাচিত হৈছে।

image 52
গুৱাহাটীৰ নন্দিতালৈ ৰাষ্ট্ৰীয় সাহসিকতা বঁটা, প্ৰদান কৰিব ৰাষ্ট্ৰপতিয়ে 2

উল্লেখ্য যে নন্দিতা দাস গুৱাহাটীৰ গীতানগৰৰ প্রাগজ্যোতিষ জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী।

উল্লেখ্য যে ২০২১ চনৰ ২৭ নৱেম্বৰত বিদ্যালয়লৈ আহি থকা অৱস্থাত নন্দিতাক অচিনাক্ত দুৰ্বৃত্তই অপহৰণৰ চেষ্টা চলাইছিল।

কিন্তু নিজৰ উপস্থিত বুদ্ধি আৰু প্রত্যুৎপন্নমতিতাৰ বাবেই অপহৰণকাৰীৰ কবলৰ পৰা পলাই নিজকে ৰক্ষা কৰিবলৈ সক্ষম হৈছিল নন্দিতাই।

পৰৱৰ্তী সময়ত নন্দিতাৰ এই সাহসিকতাৰ কথা সংবাদ মাধ্যমৰ জৰিয়তে প্ৰচাৰ হোৱাৰ পিছতেই কেন্দ্ৰীয় চৰকাৰে এই বঁটাৰ বাবে কণমানি নন্দিতাক নির্বাচন কৰে।

এই বঁটা লাভ কৰি অতিশয় অনুপ্রাণিত বুলি মন্তব্য কৰি নন্দিতাই কয় যে এই বঁটা আন শিশুসকলৰ বাবে অনুপ্ৰেৰণাৰ উৎস হ’ব।

ভৱিষ্যতে এগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়া হোৱাৰ সপোন পুহি ৰখা নন্দিতাই অপৰাধীৰ বিৰুদ্ধে কঠোৰ হ’ব বুলি কয়।

উল্লেখ্য যে অহা ২৬ জানুৱাৰীত গণৰাজ্য দিৱসৰ দিনাখন নন্দিতাক নতুন দিল্লীত এই বঁটা প্ৰদান কৰা হ’ব।