অসম

ৰহস্যজনক! ঘৰৰ সমীপৰ শৌচালয়ৰ গাঁতত উদ্ধাৰ স্বামী-স্ত্ৰীৰ মৃতদেহ, কণমানি সন্তানৰ হাহাকাৰ…

কামৰূপ জিলাৰ বকোত সংঘটিত হৈছে এক ৰহস্যজনক ঘটনা।

বকোৰ গাৰো অধ্যুষিত অঞ্চল সাতেকোনাত এটা দম্পতীৰ ৰহস্যজনক মৃত্যু।

নিশা ঘৰৰ সমীপৰ শৌচালয়ৰৰ গাঁতত উদ্ধাৰ দুই স্বামী-স্ত্ৰীৰ মৃতদেহ।

মৃত স্বামী ময়েন্দ ডি. চাংমা (৩০) আৰু পত্নী চালজে আৰ. চাংমা (২৭)।

দম্পতীটোৰ মৃতদেহৰ কাষত উদ্ধাৰ হৈছে এটা জ্বলি থকা টৰ্চ।

ৰাতিপুৱা তিনি বছৰীয়া কন্যাই পিতৃ মাতৃক নেদেখি কাষ চাপে সমীপত থকা আইতাৰ ঘৰত।

আত্মীয় এগৰাকীয়ে দম্পতী হালৰ মৃতদেহ প্ৰত্যোক্ষ কৰে লেট্ৰিনৰ গাঁতত।

প্ৰায় আঢ়ৈ ফুট গভীৰতাৰ গাঁতত পৰি কেনেদৰে স্বামী-স্ত্ৰীৰ মৃত্যু হ’ল জানিব পৰা নাই।

ঘটনাস্থলীত বকো আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে।

ইতিমধ্যে মৃতদেহ দুটা মৰোণোত্তৰ পৰীক্ষাৰ বাবে GMCHলৈ প্ৰেৰণ কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *