শৃংখল চলিহাসহ অসম যুৱ মঞ্চৰ কৰ্মকৰ্তাক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰাৰ দাবী বঙালী হিন্দু যুৱ শক্তিৰ…

শৃংখল চলিহাৰ লগতে অসম যুৱ মঞ্চৰ কৰ্মকৰ্তা সকলক ৪৮ ঘন্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰাৰ দাবী বঙালী হিন্দু যুৱ শক্তিৰ।

শিলচৰ প্ৰেছ ক্লাবত এখন সংবাদ মেল সম্বোধন কৰি এই দাবী জনাইছে সংগঠনটোৱে।

সংগঠনটোৰ নেতৃত্বই সকলে কয় যে, অসম যুৱ মঞ্চই মঙলবাৰে মন্তব্য কৰিছিল যে বঙালী সকলক কাটি টুকুৰা টুকুৰ কৰা হ’ব।

এয়া অতি দুৰ্ভাগ্যজনক আৰু নিন্দনীয় আখ্যা দিয়ে সংগঠনটোৱে।

লগতে তেওঁলোকে অসম আৰক্ষীৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি কয় যে, ৰাজ্যত তালিবানৰ সমৰ্থনত কিবা পোষ্ট হ’লে বা আন কিবা অপৰাধ মূলক কাণ্ড সংঘটিত হ’লে অসম আৰক্ষীয়ে ২৪ ঘণ্টাৰ ভিতৰত ব্যৱস্থা গ্ৰহণ কৰা পৰিলেক্ষিত হয়৷

কিন্তু বঙালী সকলক হত্যা কৰাৰ ভাবুকি দিয়াৰ পিছটো কিয় কোনো ব্যবস্থা গ্ৰহণ কৰা নাই আৰক্ষীয়ে বুলি প্ৰশ্ন সংগঠনটোৰ৷

সেয়েহে ৪৮ ভিতৰত শৃংখল চলিহাসহ অসম যুৱ মঞ্চৰ কৰ্মী সকলৰ গ্ৰেপ্তাৰৰ দাবী জনাইছে৷

Leave a Comment