ৰখাই থোৱা ট্ৰাকত প্ৰচণ্ড খুন্দা বাইকৰ, থিতাতে নিহত দুই বাইক আৰোহী

নিউজ ডেস্ক। ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থােৱা ট্ৰাকত খুন্দিয়াই দুৰ্ঘটনাত পতিত বাইক, থিতাতে মৃত্যু দুই বাইক আৰোহীৰ।

এই শােকাৱহ ঘটনাৰ স্থান লখিমপুৰ জিলাৰ লালুক থানাৰ অন্তৰ্গত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ।

নিহত লােক দুজনৰ এজন শিক্ষক আৰু আনজন জীৱন বীমাৰ এজেন্ট বুলি জানিব পৰা গৈছে।

1-2

জানিব পৰা মতে, শুকুৰবাৰে সন্ধিয়া সংঘটিত হয় এই পথ দুর্ঘটনা।

জানিব পৰা মতে, লালুকৰ ডুবি মালৌবস্তিত ১৫নং ৰাষ্ট্ৰীয় পথৰ ওপৰত ৰখাই থোৱা এখন ট্রাক (এএছ ০৭ এ-১৬১১) ৰ পাছফালে দুই বাইক আৰোহীয়ে খুন্দা মাৰে। লালুকৰ দিশৰ পৰা বান্দৰদেৱা দিশে গৈ আছিল লােক দুজন।

5-2

এই সংঘৰ্ষৰ ফলত দুয়োগৰাকী বাইক আৰোহী থিতাতে নিহত হয়। দুৰ্ঘটনাত পতিত বাইকখনৰ নম্বৰ এএছ-০৭ এইচ-৭৮৯৮।

দুর্ঘটনাত নিহত এজন যুৱক লখিমপুৰ জিলাৰ শিমলুগুৰি আৰক্ষী চকীৰ অন্তর্গত নিমুৰি গাঁৱৰ নগেন চুতীয়াৰ পুত্ৰ শিশুৰাম চুতীয়া (৪১) বুলি জানিব পৰা গৈছে।

আনগৰাকী লোক ৰঙতি গাঁৱৰ তগৰ চাংমাইৰ পুত্র তথা শিক্ষক মানিক চাংমাই (৫৬)।

নিমুৰি গাঁৱৰ শিশুৰাম চুতীয়াই জীৱন বীমা নিগমত কাম কৰে বুলি জানিব পৰা গৈছে।

শিশুৰাম চুতীয়াই পত্নীসহ এটি পুত্ৰ আৰু এগৰাকী কন্যাক এৰি থৈ গৈছে।

দুৰ্ঘটনাৰ পাছতে ট্রাকখনৰ চালক পলায়ন কৰে।

লগতে চাওকঃ

সৰস্বতী পূজালৈ যাওঁতে দুৰ্ঘটনাত মৃত্যু কলেজীয়া ছাত্ৰ সত্যজিত-ৰাহুলৰ, আহত এজন সতীৰ্থ

g3

বিয়া খাবলৈ গৈ পথ দুৰ্ঘটনাত কৰুণ মৃত্যু নৱম শ্ৰেণীৰ ছাত্ৰী অংকিতাৰ

G1

Leave a Comment