সৰস্বতী পূজালৈ যাওঁতে দুৰ্ঘটনাত মৃত্যু কলেজীয়া ছাত্ৰ সত্যজিত-ৰাহুলৰ, আহত এজন সতীৰ্থ

নিউজ ডেস্ক। বিগত কিছুদিন ধৰি ৰাজ্যৰ বিভিন্ন ঠাইত শিল-বালি কঢ়িওৱা একাংশ ট্ৰেক্টৰ, ট্ৰাক আৰু ডাম্পাৰ চালকৰ দৌৰাত্ম্যৰ বাবে সংঘটিত হৈছে বহু পথ দুৰ্ঘটনা।

শনিবাৰে সৰস্বতী পূজাৰ দিনাও ডাম্পাৰৰ খুন্দাত বাইক আৰােহী দুজন কলেজীয়া ছাত্ৰৰ মৃত্যু ঘটে।

এই ঘটনাক কেন্দ্ৰ কৰি উত্তাল হৈ পৰে নলবাৰী জিলাৰ মুকালমুৱা-বামুনবড়ী অঞ্চল।

5

সত্যজিত নাথ

জানিব পৰা মতে, বামুনবড়ী শ্বহীদ সোঁৱৰণি মহাবিদ্যালয়ৰ সত্যজিৎ নাথ নামৰ ছাত্ৰজন মহাবিদ্যালখনত উদযাপন কৰা সৰস্বতী পূজালৈ বুলি বাইকৰে দুই বন্ধুৰ সৈতে যাত্ৰা কৰিছিল।

তেনে সময়তে যাওঁতে তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত কৰুণ মৃত্যুক আঁকােৱালি ল’বলগীয়া হয় সত্যজিত নাথ নামৰ ছাত্ৰজনে ।

P2

ৰাহুল নাথ

এই ভয়ংকৰ পথ দুৰ্ঘটনাত সত্যজিতৰ দুজন বন্ধু গুৰুতৰভাৱে আহত হয়।

সংকটজনক অৱস্থাত ৰাহুল নাথ নামৰ ছাত্ৰজনক GNRC লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসালয়ত ৰাহুল নাথৰাে মৃত্যু হয়।

1

জানিব পৰা মতে, তিনিওজন ছাত্ৰ গ্লেমাৰ বাইক (এএছ-১৪-ই-৮৪৬৮) এখনত উঠি দৌলাশাল দিশৰ পৰা মহাবিদ্যালয়লৈ গৈ থকা অৱস্থাত এখন তীব্ৰবেগী ডাম্পাৰে (এএছ-২৬-চি-৫১৭৫) বাইকখন মহটিয়াই নিয়ে।

p1

নিহত সত্যজিৎ নাথ আৰু ৰাহুল নাথৰ লগতে আহত চম্পক নাথৰ ঘৰ বৰক্ষেত্ৰীৰ ঘৰুৱাবাহত বুলি জানিব পৰা গৈছে।

দুর্ঘটনা সংঘটিত কৰা ডাম্পাৰখন দৌলাশাল আৰক্ষী চকীত আত্মসমৰ্পণ কৰা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

লগতে চাওকঃ

বিয়া খাবলৈ গৈ পথ দুৰ্ঘটনাত কৰুণ মৃত্যু নৱম শ্ৰেণীৰ ছাত্ৰী অংকিতাৰ

G1

Leave a Comment