অসম

৫ দিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব লোকসভাৰ অধ্যক্ষ ওম বিৰলা…

শুক্ৰবাৰে অসমত উপস্থিত হ’ব লোকসভাৰ অধ্যক্ষ ওম বিৰলা।

৫ দিনীয়া ভ্ৰমণসূচীৰে সন্ধিয়া ৮ বজাত বৰঝাৰ বিমান বন্দৰত উপস্থিত হ’ব ওম বিৰলা।

বিয়লি ৫.৩০ বজাত তেওঁ দিল্লীৰ পৰা ৰাওনা হব অসম অভিমুখে।

গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া কমনৱেলথ পাৰ্লিয়ামেণ্টৰি এছ’চিয়েশ্যনৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব লোকসভাৰ অধ্যক্ষগৰাকীয়ে।

শনিবাৰে পুৱা তেওঁ ৯ বজাত কমনৱেলথ পাৰ্লিয়ামেণ্টৰি এছ’চিয়েচনৰ কাৰ্যবাহী কমিটীৰ বৈঠকৰ উদ্ধোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পিছতে দিনৰ ১১.৩০ বজাত দৰ্শন কৰিব মা কামাখ্যা মন্দিৰ।

ইয়াৰ পিছত বিয়লি ৪.৩০ বজাত ৰাজস্থানী সম্প্ৰদায়ৰ লোকসকলৰ সৈতে এক আলাপত অংশ ল’ব লোকসভাৰ অধ্যক্ষগৰাকীয়ে।

আনহাতে ওম বিৰলাই ১১ এপ্ৰিলত কমনৱেলথ পাৰ্লিয়ামেণ্টৰি এছ’চিয়েশ্যন ইণ্ডিয়াৰ অষ্টম সন্মিলনৰ শুভাৰম্ভ কৰাৰ লগতে গোটেই দিনটো বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

১২ এপ্ৰিলৰ দিনৰ ১২.৩০ বজাত সন্মিলনৰ সামৰণি অনুষ্ঠানত ভাগ লোৱাৰ পিছত সন্ধিয়া ৬.২০ বজাত বিমানযোগে দিল্লীলৈ উভতিব লোকসভাৰ অধ্যক্ষ ওম বিৰলা।

Leave a Reply

Your email address will not be published. Required fields are marked *