৫০০ৰ ভিতৰত ৫০০ নম্বৰ লাভ কৰি CBSEৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত দেশৰ ভিতৰতে শীৰ্ষস্থান তানিয়াৰ

নিউজ ডেস্কঃ আজি ঘোষণা কৰা হৈছে চলিত বৰ্ষৰ চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল। এইবাৰ উত্তীৰ্ণৰ হাৰ হৈছে ৯২.৭১ শতাংশ।

উত্তৰ প্ৰদেশৰ বুলন্দচহৰৰ তানিয়া সিঙে দেশৰ ভিতৰতে সৰ্বোচ্ছ নম্বৰ লাভ কৰি এইবাৰ লাভ কৰিবলৈ সক্ষম হৈছে শীৰ্ষ স্থান। মুঠ ৫০০ নম্বৰৰ পৰীক্ষাত ৫০০ নম্বৰেই লাভ কৰি শীৰ্ষস্থান অধিকাৰ কৰে তানিয়াই। দিল্লী পাব্লিক স্কুলৰ ছাত্ৰীগৰাকীৰ এই বৃহৎ সফলতাত অভিনন্দনেৰে উপচাই পেলাইছে সকলোৱে।

taniya
৫০০ৰ ভিতৰত ৫০০ নম্বৰ লাভ কৰি CBSEৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত দেশৰ ভিতৰতে শীৰ্ষস্থান তানিয়াৰ 2

তানিয়াৰ উপৰিও নয়ডাৰ এমিটি স্কুলৰ ছাত্ৰী যুৱাক্ষী ভিগেও ৫০০ৰ ভিতৰত ৫০০ নম্বৰ লাভ কৰি এক অনন্য নজিৰ স্থাপন কৰিছে। ব’ৰ্ড পৰীক্ষাত তেওঁৰ বিষয় আছিল ইংৰাজী, বুৰঞ্জী, ৰাজনীতি বিজ্ঞান, মনোবিজ্ঞান আৰু চিত্ৰকলা। তেওঁ সকলো বিষয়তে ১০০ নম্বৰৰ ভিতৰত ১০০ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়।

ফলাফল লাভ কৰাৰ পিছত যুৱাক্ষীয়ে কয়, ”মই যিমান পাৰো কঠোৰ পৰিশ্ৰম কৰিছিলো। কিন্তু এনে ফলাফল সম্ভৱ হ’ব বুলি আশা কৰা নাছিলো।

ইফালে কৃতী তানিয়াক লৈ সুখী বুলন্দচহৰ। সংবাদ মাধ্যমৰ প্ৰতি সঁহাৰি জনাই তনিয়াই কয় যে সমগ্ৰ দেশৰ ভিতৰতে শীৰ্ষস্থান লাভ কৰি তেওঁ অতি গৌৰৱান্বিত।

উল্লেখ্য যে, এইবাৰ চিবিএছইৰ দুটা পৰ্যায়ত অনুষ্ঠিত হোৱা পৰীক্ষাৰ মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা আছিল ১৬ লাখ। অফলাইনত অনুষ্ঠিত হৈছিল দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা। ২৬ এপ্ৰিলৰ পৰা ১৫ জুনলৈ অনুষ্ঠিত হৈছিল এই পৰীক্ষা। এইবাৰ মুঠ পৰীক্ষাৰ্থীৰ ভিতৰত উত্তীৰ্ণৰ হাৰ ৯২.৭১ শতাংশ।