অসমঅসমীয়া

৪ হাজাৰ টকা ঘােচ লৈ হাতে-লােটে ধৰা পৰিল জনতা ভৱনৰ মহিলা কৰ্মচাৰী

নিউজ ডেস্ক। এইবাৰ জনতা ভৱনত চলিল দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।

নগদ ৪ হাজাৰ টকাৰ ঘােচ লৈ হাতে-লোটে ধৰা পৰিল জনতা ভৱনৰ এগৰাকী মহিলা কৰ্মচাৰী।

এই মহিলা কৰ্মচাৰীগৰাকীৰ নাম সীমা দেৱী।

GGG

তেওঁ জনতা ভৱন স্থিত বড়োলেণ্ড কল্যাণ বিভাগৰ জ্যেষ্ঠ সহায়ক বুলি জানিব পৰা গৈছে।

এজন ব্যক্তিৰ কাম কৰি দিয়াৰ বিনিময়ত ১੦ হাজাৰ টকা দাবী কৰিছিল সীমা দেৱীয়ে। ইয়াৰে প্ৰথম কিস্তিত ৪ হাজাৰ ঘোচ লৈ হাতে-লােটে ধৰা পৰে এই দুৰ্নীতিগ্ৰস্ত মহিলা কৰ্মচাৰীগৰাকী।

ভুক্তভােগী লোকজনে ইতিপূৰ্বে ঘােচ দাবী কৰাৰ কথা অৱগত কৰিছিল দুৰ্নীতি নিবাৰক শাখাক।

sese

তাৰ পিছতে দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই সচিবালয়ত।

জানিব পৰা মতে, জনতা ভৱনৰ ডি ব্লকৰ তৃতীয় মহলাৰ পৰা আটক কৰা হৈছে এই মহিলা কৰ্মচাৰীগৰাকীক।

জানিব পৰা মতে, সীমা দেৱীৰ মানি বেগৰ পৰা নগদ ৯৯ হাজাৰ টকাও জব্দ কৰে অভিযানকাৰী দলটােৱে।

ইপিনে, সীমা দেৱীক চলােৱা জেৰাৰ পাছতে দুৰ্নীতি নিবাৰক শাখাই সচিবালয়ত কৰ্মৰত ৰবিন সিং থাপা নামৰ আন এজন কৰ্মচাৰীকাে আটক কৰা বুলি জানিব পৰা গৈছে।

লগতে চাওকঃ

তই বুজিছ নে নাই? সদ্যজাত দেৱশিশুক কোলাত লৈ প্ৰশ্ন এগৰাকী চিকিৎসকৰ, চাই লওক এই প্ৰাণস্পৰ্শী ভিডিঅ’

G5

হাতত পিষ্টল, ওঁঠত চিগাৰেট লৈ ৰাজপথত বাইক ষ্টাণ্ট ২ বন্ধুৰ! তাৰ পাছত ঘটিল এই ঘটনা…

G2

Leave a Reply

Your email address will not be published. Required fields are marked *