ৰাষ্ট্ৰীয়অসমীয়া

তই বুজিছ নে নাই? সদ্যজাত দেৱশিশুক কোলাত লৈ প্ৰশ্ন এগৰাকী চিকিৎসকৰ, চাই লওক এই প্ৰাণস্পৰ্শী ভিডিঅ’

মাত্ৰ কেইটামান চেকেণ্ডৰ এটা হৃদয়স্পৰ্শী ভিডিঅ’। যিটো ভিডিঅ’ চালে নিমিষতে দূৰ হব আপোনাৰ সমস্ত ভাগৰ আৰু অৱসাদ।

ভিডিঅ’টোত এগৰাকী মহিলা চিকিৎসকে কথা পাতিছে এটি সদ্যজাত দেৱশিশুৰ সৈতে। শিশুটিয়েও যেন মন দি শুনিছে চিকিৎসকগৰাকীয়ে কৈ যোৱা প্ৰতিটো কথা।

বাংলা ভাষাৰ এই ভিডিঅ’টো ক’ৰ আৰু কেতিয়াৰ সেয়া স্পষ্ট নহলেও সামাজিক মাধ্যমত দ্ৰুত গতিত ভাইৰেল হৈ পৰিছে এই ভিডিঅ’টো।

vlcsnap-2022-01-04-20h02m56s649

ভিডিঅ’টোত কোনো এখন হাস্পতালৰ ভিতৰত মহিলা চিকিৎসকগৰাকীৰ কোলাত দেখা গৈছে সদ্যজাত দেৱ শিশুটোক।

চিকিৎসকগৰাকীয়ে কৰ্তৃত্বসুলভ ভংগীৰে শিশুটিক বাংলা ভাষাত কৈ আছে কথাবোৰ।

vlcsnap-2022-01-04-20h03m07s510

শিশুটিক তেওঁ কৈছে- “বুজিব পাৰিছ নে নাই। এনেদৰে শান্ত হৈ থাকিবি। মাক আমনি নকৰিবি। তই গুড বয় হয় ন? ভাল লৰাই মাকক আমনি নকৰে।”

মহিলা চিকিৎসকগৰাকীয়ে শিশুটিলৈ চাই পুনৰ কৈছে- “তোক মই বকি থকা নাই নহয়, বুজাই হে আছোঁ। বুজিব পাৰিছ নে নাই।”

সদ্যজাত দেৱ শিশুটিয়ে যেন সকলো কথা বুজি পাইছে, সেইদৰেই চিকিৎসকগৰাকীলৈ চাই আছে। মাজে মাজে কোঠাৰ আনফালৰ পৰা ভাঁহি অহা মাতবোৰ অনুসৰণ কৰি সেইফালে চাই পঠিয়াইছে।

হৃদয় জিনিব পৰা এই সৰু ভিডিঅ’টো এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। এয়া স্বাভাৱিক যে, চিকিৎসক গৰাকীৰ এই আদৰ, এই কৰ্তৃত্বসুলভ শাসনৰ কথা শিশুটি ডাঙৰ হোৱালৈ মনত নৰৱ। কিন্তু এটি দেৱশিশু আৰু এগৰাকী চিকিৎসকৰ মাজৰ এই কথা-বাৰ্তাৰ সামাজিক মাধ্যম চিৰদিন সাক্ষী হৈ ৰ’ব।

লগতে চাওকঃ পানী গৰম কৰা বৈদ্যুতিক ৰডৰ বাবেই ঘটিল এক শােকাৱহ ঘটনা…

Leave a Reply

Your email address will not be published. Required fields are marked *