৩ স্থানত DRIৰ অভিযান, জব্দ ৬৫.৪৬ কেজি চোৰাং সোণৰ বিস্কুট…

নিউজ ডেস্কঃ চোৰাং সোণৰ সৰবৰাহৰ এক বৃহৎ চক্ৰ ব্যৰ্থ কৰি বুধবাৰে চোৰাংচোৱা সংস্থাই মুম্বাই, পাটনা আৰু দিল্লীত অভিযান চলাই মুঠ ৬৫.৪৬ কেজি চোৰাং সোণ জব্দ কৰিবলৈ সক্ষম হয়।

চোৰাংচোৱা সংস্থাটোৱে প্ৰায় ৩৩.৪০ কোটি টকাৰ ৩৯৪ খন বিদেশী মূলৰ সোণৰ বিস্কুট জব্দ কৰে। ডি আৰ আইৰ মতে, চুবুৰীয়া উত্তৰ-পূবৰ দেশসমূহৰ পৰা চোৰাংভাৱে সৰবৰাহ কৰা হৈছিল সোণখিনি। বিপুল পৰিমাণৰ সোণ জব্দ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ডিআৰআইয়ে।

সূত্ৰৰ মতে, সমগ্ৰ দেশৰ তিনিটা ভিন্ন স্থানৰ পৰা বৃহৎ পৰিমাণৰ সোণ জব্দ কৰাৰ পিছত ডি আৰ আইয়ে কেইবাজনো লোককো আটক কৰিবলৈ সক্ষম হৈছে।