অসম

৩ যুৱতীৰ সৈতে নিশাৰ পাৰ্টীৰ পিছত পুৱা মহানগৰীৰ বিলাসী হোটেলৰ কোঠাত উদ্ধাৰ যুৱকৰ মৃতদেহ, চাঞ্চল্য

নিশা ৩ যুৱতীৰ সৈতে সুৰাৰ পাৰ্টী কৰাৰ পিছত পুৱা হোটেলৰ কোঠাত উদ্ধাৰ হ’ল যুৱকৰ মৃতদেহ। এই চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে মহানগৰীৰ হাতীগাঁৱৰ সিজুবাৰীস্থিত হোটেল পেৰাডাইজ ইনত।

বুধবাৰে পুৱা হোটেলখনৰ ১০৮ নং কোঠাত মৃত অৱস্থাত উদ্ধাৰ হোৱা যুৱকজনক কামৰূপ জিলাৰ ডিমুৰ ধ্ৰুৱজ্যোতি ডেকা বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা তেওঁ গুৱাহাটীৰ এটা বিত্তীয় প্ৰতিষ্ঠানত কৰ্মৰত আছিল।

বাতৰি অনুসৰি, মঙলবাৰে নিশা ২ বন্ধুৰ সৈতে হোটেল পেৰেডাইজ ইনলৈ আহিছিল ধ্ৰুৱজ্যোতি ডেকা। তাত তিনি বন্ধুৱে আন তিনিগৰাকী যুৱতীৰ সৈতে সুৰাৰ পাৰ্টী কৰে আৰু ৰাতিটো হোটেলতে কটায়।

কিন্তু বুধবাৰে পুৱা ৰুম পৰিচাৰিকাই হোটেলৰ কোঠাত প্ৰত্যক্ষ কৰে যুৱকজনৰ মৃতদেহ। লগে লগে আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

451

ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি আৰক্ষীয়ে মঙলবাৰে ধ্ৰুৱজ্যোতি ডেকাৰ সৈতে একেলগে হোটেলত প্ৰৱেশ কৰা দেৱৰাজ আৰু বিকিক আটক কৰে সোধা-পোছা অব্যাহত ৰাখিছে। কিন্তু হোটেলৰ চিচিটিভি কেমেৰাত মঙলবাৰে ধ্ৰুৱজ্যোতি ডেকাসহ ৬ জন যুৱকে হোটেলত প্ৰৱেশ কৰাৰ দৃশ্য ধৰা পৰাৰ পিছত ৰহস্যঘন হৈ পৰিছে সমগ্ৰ ঘটনা।

অন্যহাতে নিশা হোটেলত একেলগে ৰাতি কটোৱা ৩ গৰাকী যুৱতীৰ কোনো সন্ধান উলিয়াব পৰা নাই আৰক্ষীয়ে। যাৰ বাবে এয়া এক হত্যাকাণ্ড বুলি সন্দেহ বৃদ্ধি পাইছে।

জানিব পৰা মতে, দেহ ব্যৱসায় চক্ৰৰ সৈতে জড়িত এজন দালালে ধ্ৰুৱজ্যোতি ডেকা আৰু তেওঁৰ ২ বন্ধুক যুৱতী কেইগৰাকীৰ ফটো প্ৰদান কৰিছিল আৰু হোটেললৈ মাতি পঠিয়াইছিল। অৱশ্যে দালালজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।

লগতে চাওকঃ

বিয়াৰ এমাহ নৌহওঁতেই পথ দুৰ্ঘটনাই কাঢ়ি নিলে কংকনৰ প্ৰাণ…

G3 5

Leave a Reply

Your email address will not be published. Required fields are marked *