অসম

অস্ত্ৰসহ NLFB-ৰ ছয়জন দুৰ্ধৰ্ষ কেডাৰৰ আত্মসমৰ্পন

নেশ্যনেল লিবাৰেশ্যন ফ্ৰণ্ট অফ বড়োলেণ্ড চমুকৈ NLFB-ৰ ছয়জন দুৰ্ধৰ্ষ কেডাৰৰ আত্মসমৰ্পন।

বুধবাৰে শোণিতপুৰ জিলাত ৬ বিদ্ৰোহীয়ে আত্মসমৰ্পন কৰে।

অসম-অৰুণাচলপ্ৰদেশ সীমান্তৰ চাৰিদুৱাৰ অঞ্চলত ১২ জনীয়া এটা বিদ্ৰোহীৰ দলে আত্মগোপন কৰি আছিল বুলি আৰক্ষীয়ে উল্লেখ কৰে।

ইয়াৰে ভিতৰত দুজন বিদ্ৰোহী সদস্য আৰক্ষীৰ সৈতে হোৱা গুলীয়াগুলিত ১ এপ্ৰিলত ভালুকপুং চহৰৰ ওচৰত আঘাতপ্ৰাপ্ত হৈছিল।

ইয়াৰ পাছতে আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তোলাত ছয়জন বিদ্ৰোহীয়ে অস্ত্ৰ-শস্ত্ৰৰ সৈতে আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰিবলৈ বাধ্য হৈছিল বুলি আৰক্ষীয়ে কয়।

উল্লেখযোগ্য যে, ২০২০ চনত কেন্দ্ৰ চৰকাৰৰ সৈতে হোৱা বড়ো শান্তি চুক্তিৰ পাছতে বড়ো বিদ্ৰোহী সংগঠন এনডিএফবিৰ বিদ্ৰোহী সকলে আত্মসমৰ্পন কৰিছিল।

কিন্তু তাৰ মাজতে কিছুসংখ্যক বিদ্ৰোহীয়ে আত্মসমৰ্পন নকৰি এনএলএফবিৰ জন্ম দিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *