অসম

৩ বছৰীয়া সন্তানক লগত লৈ জীৱন সংগ্ৰামত ব্ৰতী এগৰাকী মহিলা, বহুতৰ বাবে এতিয়া আদৰ্শ…

৩ বছৰীয়া সন্তানক লগত লৈ জীৱন সংগ্ৰামত ব্ৰতী এগৰাকী মহিলা, বহুতৰ বাবে এতিয়া আদৰ্শ।

তেজপুৰ বালিপাৰাৰ চাৰিদুৱাৰৰ কাবেৰী বৰা নামৰ এগৰাকী মহিলা সম্প্ৰতি বহুতৰে বাবে আদৰ্শ হৈ পৰিছে।

অত‍্যন্ত দুখ কষ্টৰ মাজেৰেও নিজৰ জীৱনটো কিদৰে আগুৱাই নিব পাৰি তাৰেই যেন নিদৰ্শন দাঙি ধৰিছে কাবেৰীয়ে।

image 3

মাত্ৰ ডেৰমাহ পূৰ্বে স্বামীক হেৰুৱাই দিশহাৰা হৈ পৰিছিল এই মহিলা গৰাকীয়ে।

দুই সন্তানক লৈ কি কৰিব কি নকৰিব একো উৱাদিহ বিছাৰি পোৱা নাছিল তেওঁ।

দুই সন্তানৰ এগৰাকীৰ বয়স ১৩ বছৰ আৰু এজনৰ বয়স মাত্ৰ ৩ বছৰ।

কিন্তু জীৱন যুঁজত হাৰ নামানি এইগৰাকী মহিলাই টমটম চলাই উপাৰ্জন কৰি পৰিয়াল পোহপাল দিবলৈ সক্ষম হৈছে।

image 4

ৰাজপথত যাত্ৰী কঢ়িওৱাৰ সময়তো সদায় তেওঁৰ কোলাত থাকে তিনি বছৰীয়া পুত্ৰ সন্তানটি।

তেওঁ দেখুওৱা এই আদৰ্শ সকলোৰে বাবে পথেয় বুলি সকলোৱে একেমুখে প্ৰশংসা কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *