এক শোকাৱহ ঘটনা।
ভুল দিশেৰে যোৱা বলেৰ’ৰ খুন্দাত ভাঙি চূৰমাৰ ই-ৰিক্সা, মহিলাৰ মৃত্যু।
ৰঙিয়াৰ ভাতকুছিৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনাটো।
জানিব পৰা মতে ভুল দিশেৰে গৈ থকা এখন বলেৰ’ বাহনে এখন ই-ৰিক্সাত প্ৰচণ্ড জোৰে খুন্দা মৰাত এই দুৰ্ঘটনা সংঘটিত হয়।
নিহত মহিলাগৰাকীক চৰিফা বেগম বুলি চিনাক্ত কৰা হৈছে।

প্ৰত্যক্ষ দর্শীৰ মতে দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত ই-ৰিক্সাখন ঘগ্ৰাপাৰ অভিমুখে গৈ আছিল।
ভুল দিশেৰে অহা বলেৰ’ৰ খুন্দাত ই-ৰিক্সাখন বিধ্বস্ত হৈ পৰে।
ইফালে দুৰ্ঘটনাৰ পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে বলেৰ’ বাহনখন জব্দ কৰিছে।









